/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/57130f41-5e12-455b-a96a-c1c704b75d98/khel.jpg)
ডিজিটেল সংবাদ,লামডিঙঃ লামডিঙত ৰেলৱে বিবেকানন্দ খেলপথাৰত ক্ৰীড়াপ্ৰেমীৰ মাজত ফুটবলৰ জোৱাৰ উঠিছে ৷ লামডিঙত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা নৈশ ফুটবল টুৰ্নামেন্ট ৷
দেশৰ আগশাৰী ফুটবল দলে অংশগ্ৰহন কৰিছে এই টুৰ্নামেন্টত ৷ লামডিঙৰ শ্বেলী ন্যাসৰ উদ্যোগত সদৌ ভাৰতৰ ভিক্তিত চলিছে এই প্ৰতিযোগিতাখন ৷ সদৌ ভাৰত ৰিপাব্লিক কাপ নামেৰে অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাখন অহা ৭ ফেব্ৰুৱাৰীলৈকে বিৱেকানন্দ ৰেলৱে খেল পথাৰত অনুষ্ঠিত হ'ব ৷
লামডিঙৰ শ্বেলী ফাউণ্ডেচনৰ অধ্যক্ষ অনিমেষ মিশ্ৰই জানিব দিয়ে যে অসমৰ বিভিন্ন দলৰ লগতে দেশৰ খ্যাতি ফুটবল দলৰ সহ আন্ত:ৰাষ্ট্ৰীয় নেপালৰ ফুটবল দলেও অংশগ্ৰহণ কৰিছে ৷ লগতে আৰিয়ান কলকাতা, এ. এচ. ই. বি. অসম, গ্ৰীণ ফিল্ড এফ.চি আইজল, মনিপুৰ , নৰ্থ ইষ্ট ইউনাইটেড, হিলচ্ ইউাইটেড, শিলিগুড়ী এছ এছ বি কে ধৰি বিভন্ন নামি দামী ফুটবল দলৰ অংশ গ্ৰহণে ঐতিহ্যমণ্ডিত কৰি তুলিছে এই প্ৰতিযোগিতাখন ৷
আজিৰ খেলখনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এ.এছ.ই.বি অসম বনাম মণিপুৰ ৷ প্ৰথম অৰ্ধৰ খেল সমাপ্তিলৈকে এ.এছ.ই.বি অসম ৪-০ গলত আগবাঢ়ি আছে ৷
আৰু পঢ়কঃ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তি প্ৰসংগত গহপুৰত প্ৰতিবাদ