অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তি প্ৰসংগত গহপুৰত প্ৰতিবাদ

হেলেমৰ কাউৰী পথাৰত বিশাল মৌন সমদল
মঙলবৰীয়া সাপ্তাহিক বজাৰ বন্ধৰ প্ৰভাৱ
মঙলবৰীয়া সাপ্তাহিক বজাৰ বন্ধৰ প্ৰভাৱ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : সম্পূৰ্ণ ৰাজনৈতিক মুনাফা লাভৰ বাবে বি টি আৰত অনা বড়ো গাঁও অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰেও প্ৰতিবাদমুখৰ হৈ পৰে গহপুৰৰ কাউৰীপথাৰ অঞ্চল। বি টি আৰৰ সম্প্ৰসাৰণক লৈ শেহতীয়াভাৱে প্ৰকাশ পোৱা কেইবাখনো গাঁৱৰ নাম আৰু জনগাঁথনি সম্বলিত তালিকাক লৈ দেওবাৰৰ পৰা উত্তাল হৈ পৰা কাউৰীপথাৰত আজি পুনৰ আন এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮০ শতাংশৰ ওপৰৰ বড়ো লোক থকা গাঁওহে বি টি আৰলৈ হস্তান্তৰ হ'ব বুলি ৰাজহুৱাকৈ কৈ অহাৰ বিপৰীতে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ কাৰিবিল আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ ১১খন গাঁৱৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ এখন ওলোটা ছবিহে পৰিস্ফুট হোৱাত ১১ খন গাঁৱৰ অবড়ো ৰাইজ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ উমান পাইছে।

প্ৰকাশিত তালিকাখনত কাৰিবিল আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ মুঠ ১১ খন ৰাজহ গাঁৱত সম্পূৰ্ণ ভুল তথ্যৰে ১০০ শতাংশ বড়োলোক থকা বুলি লিপিবদ্ধ কৰি অবড়ো লোকসকলক কাগজ কলমে অস্তিত্বহীন কৰি উক্ত গাঁও কেইখনক চক্ৰান্ত মূলকভাৱে বি টি আৰত অন্তৰ্ভুক্ত কৰিবলৈ কৌশল অবলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত কালি এখন বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হোৱাৰ পিছত আজি পুনৰ কাউৰীপথাৰত আন এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

অবড়ো লোকে সংখ্যাগৰিষ্ঠতা পাই অহা ১১ খন ৰাজহ গাঁৱৰ কাৰিবিল গাঁও পঞ্চায়তৰ দুলুংমুখত প্ৰায় ৩৫ শতাংশ, ননকে কাৰিবিলত ১৮ শতাংশ, উত্তৰ কাৰিবিলত ৪০ শতাংশ, কাৰিবিলত ৫ শতাংশ,কাৰিবিল কছাৰীত ৩৫ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক আছে। তথ্য অনুসৰি উক্ত গাঁৱসমূহৰ ভিতৰত ভেলুৱাডাঙা,কাৰিবিল নেপালী, হেলেম চাপৰি, চিৰাজুলি আৰু কেমাইজাৰণিত এজনো বড়ো সম্প্ৰদায়ৰ লোক নাই। কাগজে কলমে উক্ত গাঁও ৫খনত বড়ো সম্প্ৰদায়ৰ লোক ১০০ শতাংশ থকা বুলি দেখুওৱা হৈছে যদিও কাৰ্য্যত উক্ত গাঁৱত বড়ো সম্প্ৰদায়ৰ লোকৰ সংখ্যা শূণ্য শতাংশহে।

একেদৰে হেলেম ৰাজহ চক্ৰৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাজান গাঁৱত তালিকাত উল্লেখ থকা ধৰণে এশ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক নাই। শতাংশ হিচাপত উক্ত গাঁৱখনত বড়ো সম্প্ৰদায়ৰ লোকৰ সংখ্যা ১০ শতাংশতকৈ কম হ'ব। ৰাজনৈতিক মুনাফাৰ বাবে সম্পূৰ্ণ জনগাঁথনিৰ ভুল পৰিসংখ্যাৰে উক্ত ১১খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি দুপৰীয়া কাউৰীপথাৰত পুনৰ অনুষ্ঠিত হোৱা আন এখন বৃহৎ প্ৰতিবাদী সভাত সমবেত ৫ শতাধিক অবড়ো ৰাইজে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হয়।

প্ৰতিবাদী ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে স্থানীয় সমাজকৰ্মী দ্ৰোণ শৰ্মাই । সক্ৰিয় ৰাজহুৱা কৰ্মী জীতেন বৰপূজাৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত ৮০ শতাংশতকৈ অধিক বড়ো সম্প্ৰদায়ৰ লোক নথকা উক্ত গাঁৱসমূহক বি টি আৰত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব বুলি সকলোৱে সংকল্পবদ্ধ হয়। আজিৰ সভাই চৰকাৰীভাৱে উক্ত ১১ খন গাঁৱত জনগাঁথনিৰ এক জৰীপ চলাবলৈ চৰকাৰৰ প্ৰতি সভাই আহ্বান জনায়।

এজনো বড়ো সম্প্ৰদায়ৰ লোক নথকা গাঁৱত এশ শতাংশ বড়ো লোক থকা বুলি কাগজে কলমে দেখুওৱাটো চৰকাৰৰ যে এক গভীৰ ৰাজনৈতিক অভিসন্ধি সেয়া পৰিস্ফুট হৈ পৰা বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে। এনেদৰে ভুল তথ্যৰে উক্ত ১১ খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী পদক্ষেপৰ বিৰূদ্ধে আজি আহ্বান জনোৱা কাউৰীপথাৰৰ মঙলবৰীয়া সাপ্তাহিক বজাৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰে।

আজিৰ প্ৰতিবাদী সভাৰ শেষত সমবেত ৰাইজে চৰকাৰৰ উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সভাস্থলীৰ পৰা কাউৰীপথাৰৰ মাজেৰে ছহিদ নিৰজ ছেত্ৰী প্ৰতিমূৰ্তিলৈকে এক মৌন সমদল বাহিৰ কৰে। উক্ত ১১ খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত নকৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰা পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিবলৈ ৰাইজ সংকল্পবদ্ধ হৈছে বুলি উল্লেখ কৰে।

আনহাতে কাৰিবিলবাসীৰ সন্মুখত দেখা দিয়া এই জ্বলন্ত সমস্যাটোক লৈ কোনো ধৰণৰ সবল স্থিতি প্ৰদৰ্শন নকৰা গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে ক্ষোভৰ বহি:প্ৰকাশ ঘটিছে বৃহত্তৰ কাউৰীপথাৰ অঞ্চলত। এই ক্ষেত্ৰত স্থানীয় নবীন শৰ্মা নামৰ এগৰাকী সচেতন যুৱকে সংবাদ মাধ্যমৰ আগত উৎপল বৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি কয় যে দিছপুৰত গাডী দখল কৰাৰ পিছত এতিয়া কাউৰীপথাৰবাসীৰ আবেগ অনুভূতিৰ কথা পাহৰিলে উৎপল বৰাই।

ৰাজনৈতিক সুৰক্ষাৰ বাবে বি টি আৰৰ প্ৰসংগত এতিয়া ৰহস্যজনকভাৱে নিমাত বিধায়ক উৎপল বৰা। চতিয়াত যেনেকৈ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিবাদী ৰাইজৰ মাজলৈ আহি ৰাইজক আশ্বাস দি সাহসী পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেইদৰে গহপুৰৰ বিধায়ক উৎপল বৰায়ো কাউৰীপথাৰ বাসী ৰাইজৰ মাজলৈ আহি প্ৰতিবাদী ৰাইজক শান্তনা দিব লাগিছিল যদিও বিধায়ক উৎপল বৰা এতিয়া কাউৰীপথাৰ বাসীৰ জাতীয় সমস্যাক লৈ ৰহস্যজনক ভাবে নিশ্চুপ।

উল্লেখযোগ্য যে,বিধায়ক উৎপল বৰাৰ গৃহ সমষ্টি গহপুৰত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বাধিক ৩৫ খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। ইয়াৰ বিপৰীতে কিন্তু আন ৪টা বিধানসভা সমষ্টি ক্ৰমে বিহালী(৭খন),বিশ্বনাথ(৪খন),চতিয়া(৫খন),আৰু ঢেকীয়াজুলী(৯খন) বিধানসভা সমষ্টিৰ কেইখনমান গাঁৱহে অন্তৰ্ভুক্ত হ'ব বি টি আৰত।

জিলাখনৰ পৰা বি টি আৰত অন্তৰ্ভুক্ত হ'বলৈ নিৰ্ধাৰণ হোৱা মুঠ ৬০খন গাঁৱৰ ভিতৰত ৩৫ খন গাঁৱেই গহপুৰ বিধানসভা সমষ্টিৰ হোৱা বিষয়টোৱে বিধায়ক উৎপল বৰাৰ ৰাজনৈতিক চক্ৰান্ত নে ৰাজনৈতিক ব্যৰ্থতা সেয়া নুবুজা সাঁথৰ হৈ পৰিছে সকলোৰে বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in