পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ১১ গৰাকী খেলুৱৈ...

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ১১ গৰাকী খেলুৱৈ...

author-image
Asomiya Pratidin
New Update
পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ১১ গৰাকী খেলুৱৈ...

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ১১ গৰাকী খেলুৱৈ...

ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ খেলুৱৈ। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নেশ্যনেল ইণ্ডৰ মাৰ্চিয়েল আৰ্টছ ইভেণ্ট- টাং চ্যু ডুত অসমৰ ১১ গৰাকীকৈ খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়াকৈ দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ মুঠ ১৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে মুঠ ১১ জন খেলুৱৈয়ে পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰিছে ক্ৰমে ১১ বছৰ অনুৰ্ধ্বৰ জয়শ্ৰী গগৈ আৰু ১৮ বছৰ অনুৰ্ধ্বৰ ৫৫ কেজি শাখাত বিতুপন বৰুৱাই।

দ্বিতীয় স্থান লাভ কৰে ক্ৰমে ১১ বছৰ অনুৰ্ধ্বৰ খামিন কুমাৰ গগৈ, ১৪ বছৰ অনুৰ্ধ্বৰ - ৩৯ কেজি শাখাত মুহিত তান্তি, ১৮ বছৰ অনুৰ্ধ্বৰ -৪৯ কেজি শাখাত অভিনব গগৈ, ১৮ বছৰৰ ওপৰৰ শাখাৰ -৫৫ কেজি শাখাত দেৱজিৎ দুৱৰীয়ে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে -১১ বছৰ অনুৰ্ধ্বৰ -৩১ কেজি শাখাত প্ৰৰণা চাংমাই, ১৪ বছৰ অনুৰ্ধ্বৰ -৪৫ কেজি শাখাত প্ৰণামিকা চাংমাই, ১৮ বছৰ অনুৰ্ধ্বৰ -৪৬ কেজি শাখাত লৱনুজ বৰগোহাঁই, ১৮ বজৰ অনুৰ্ধ্বৰ -৬৫ কেজি শাখাত সুভ আগৰৱালা আৰু ১৮ বছৰ ওপৰৰ -৫৫ কজি শাখাত শসাংঙ্ক গগৈয়ে বিভিন্ন শাখাত পদক পাবলৈ সক্ষম হয়।

খেলুৱৈসকলৰ এই সফলতাত অসম টাং চ্যু ডু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁইয়ে সকলোকে শুভেচ্ছা জনাইছে। তেওঁ লগতে খেলুৱৈসকলে ভৱিষ্যতে অধিক সফলতা লাভ কৰিব বুলি আশা ৰাখিছে । উক্ত খেলত ৰেফাৰী হিচাপে আছিল অসমৰ মুখ্য প্ৰশিক্ষক তথা সৰ্ব ভাৰতীয় কাৰিকৰী প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ আৰু প্ৰশিক্ষক নিৰ্মল বড়া।

Also Read: আচুৰ্য বৰপাত্ৰৰ বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ ভাবুকি সুৰামত্ত বিষয়ববীয়াৰ....

ক্ৰীড়া টাং চ্যু ডু