
ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিহুৰ সাংস্কৃতিক অনুষ্ঠান। তাৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত অপমানিত হ'ল জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰ। শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ হুমকি দিলে খোদ উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াই।
দেওবাৰে ডিব্ৰুগড়ৰ হাতীমুৰাত আছিল সংগীত শিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান। আগনিশা গুৱাহাটীত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি ডিব্ৰুগড়ৰ হাতীমুৰাত নিৰ্ধাৰিত সময় অনুসৰিয়েই আচুৰ্য বৰপাত্ৰই অনুষ্ঠান পৰিৱেশন কৰা বুলি জানিব পৰা গৈছে।
প্ৰাণভৰি এটাৰ পাছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰি অনুষ্ঠান সামৰণি মৰাৰ সময়তে উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াই তেওঁক পুনৰ গান গাবলৈ দাবী কৰে। কেৱল গান গাবলৈ দাবী কৰাই নহয়, গান নাগালে বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰো হুমকি দিয়ে একাংশ উদযাপন সমিতিৰ বিষয়ববীয়াই।
অভিযোগ অনুসৰি সেই সময়ত উদযাপন সমিতিৰ এইসকল বিষয়ববীয়াই সুৰা সেৱন কৰি আছিল। মঞ্চতে সৃষ্টি হোৱা এই অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে আচুৰ্য বৰপাত্ৰই বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ ধমক দিয়া বিষয়ববীয়াক উদ্দেশ্যি তেওঁ এই ঘটনাত আঘাত পোৱাৰ কথা উল্লেখ কৰে।
এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সময়ত মঞ্চত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিজেপিৰ খনিকৰ মণ্ডলৰ সভাপতি তথা এছ টি মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া ৰাহুল দেৱ সোণোৱাল আদি। অৱশ্যে তাৰ মাজতে উদযাপন সমিতিৰ আন বিষয়ববীয়াৰ হস্তক্ষেপত গোটেই পৰিস্থিতি নিয়ন্ত্ৰিত হয়।
জানিব পৰা মতে আচুৰ্য বৰপাত্ৰই সংগীতানুষ্ঠান সামৰাৰ পাছতো তেওঁঁক পুনৰ গান গাবলৈ দাবী কৰি পৰিস্থিতি এনে পৰ্যায়ত গৈ উপনীত হয়। বিহু উদযাপনৰ নামত একাংশ বিষয়ববীয়াই সুৰা সেৱন কৰি মঞ্চত উঠি এইদৰে অপ্ৰীতিকৰ পৰিস্থিতি সূচনা কৰাৰ বিষয়টো এতিয়া সহজ ভাৱে ল'ব পৰা নাই।
প্ৰশ্ন হয় বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰা উদযাপন সমিতিৰ বিষয়ববীয়াই সুৰা সেৱন কৰে কিয়? তেওঁলোকৰ ওপৰত থাকে যথেষ্ট দায়িত্ব আৰু কৰ্তব্য। সুৰা সেৱন কৰা বিষয়ববীয়াক কিয় মঞ্চত উঠি এইদৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰাৰ সুযোগ দিয়ে আন বিষয়ববীয়াই?
নিশা এপৰলৈকে অনুষ্ঠান পৰিৱেশন কৰি ঘূৰি অহাৰ পথত ইতিমধ্যে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ ফলতেই অসমে হেৰুৱাইছে বহু সংগীত প্ৰতিভা।
এনে ঘটনাৰ বাবেই বিহুৰ অনুষ্ঠান সোনকালে সামৰিবলৈ দাবী উত্থাপন হোৱাৰ লগতে প্ৰশাসনৰ ফালৰ পৰাও ১২ বজাৰ ভিতৰত অনুষ্ঠান সামৰাৰ নিয়ম আছিল। তাৰ পাছতো ৰাতি এপৰলৈ বিহু অনুষ্ঠান পৰিৱেশন কৰাৰ এইদৰে দাবী উত্থাপন আৰু তাৰ মাজতে শিল্পীক ভাবুকি দিয়াৰ এই কাৰ্যকলাপ আৰু কিমান দিনলৈ চলিব? এইবোৰ বিষয়ত কিন্তু সৰ্বস্তৰৰ লোক সচেতন হ'বৰ হ'ল।