ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ ৩ মহিলা শৰীৰ চৰ্চাবিদৰ পদক লাভ...

ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ ৩ মহিলা শৰীৰ চৰ্চাবিদৰ পদক লাভ...
ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ ৩ মহিলা শৰীৰ চৰ্চাবিদৰ পদক লাভ...

ডিজিটেল ডেস্কঃ অসমৰ মহিলা শৰীৰ চৰ্চাবিদৰ সাফল্য। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা শৰীৰ দেহশ্ৰী প্ৰতিযোগিতাত ৩ গৰাকী অসমীয়া মহিলা শৰীৰ চৰ্চাবিদে লাভ কৰিলে পদক।

উল্লেখ্য যে, ভাৰতীয় বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েচনৰ উদ্যোগত ৫ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ মধ্য প্ৰদেশত অনুষ্ঠিত হৈছিল ১৩ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ পুৰুষ, মাষ্টাৰ্ছ, দিব্যাংগ আৰু ছিনিয়ৰ মহিলাৰ বডী বিল্ডিং প্রতিযোগিতা, চতুৰ্থ জুনিয়ৰ মহিলা স্পৰ্টছ মডেল ফিজিক প্ৰতিযোগিতা ।

দেশৰ ৪৫০ গৰাকীৰো অধিক শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ বৰ্ণালী বসুমতাৰী আৰু ছায়া বৰুৱাই মহিলাৰ স্পৰ্টছ ম’ডেল ফিজিক চেম্পিয়নশ্বিপত ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

আনহাতে, মহিলাৰ বডী বিল্ডিং চেম্পিয়নশ্বিপত সবিতা বনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে । আনহাতে বড়ীবিল্ডিঙৰ মাষ্টাৰ্ছ শাখাত অসমৰ অবনী দত্ত চতুর্থ স্থানত থাকে ।

ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ ৩ মহিলা শৰীৰ চৰ্চাবিদৰ পদক লাভ...
বাংলাদেশত ভয়ংকৰ বোমা বিস্ফোৰণঃ ১৪ জনৰ মৃত্যু, ১০০ ৰো অধিক আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in