IPL ৰ মাজতে ধোনি কাষ চাপিল আৰক্ষীৰঃ গ্ৰেপ্তাৰ ব্যৱসায়ী...

জয়পুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিহিৰ দিবাকৰক
IPL ৰ মাজতে ধোনি কাষ চাপিল আৰক্ষীৰঃ গ্ৰেপ্তাৰ ব্যৱসায়ী...
IPL ৰ মাজতে ধোনি কাষ চাপিল আৰক্ষীৰঃ গ্ৰেপ্তাৰ ব্যৱসায়ী...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাকয়ক তথা আই পি এলৰ চেন্নাই কিংছ ফ্ৰেঞ্চাইজিৰ পোষ্টাৰ বয় মহেন্দ্ৰ সিং ধোনিৰ অনুমতি অবিহনে ফটো, নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰা এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে জয়পুৰ আৰক্ষীয়ে। জানিব পৰা মতে ধোনিয়ে ব্যৱসায়ী মিহিৰ দিবাকৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল তেওঁৰ নাম, ফটো বিনা অনুমতিত ব্যৱহাৰ কৰি ব্যৱসায় কৰাৰ অভিযোগ।

এই অভিযোগৰ পাছতে জয়পুৰ আৰক্ষীয়ে মঙ্গলবাৰে ব্যৱসায়ী মিহিৰ দিবাকৰক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৭১ ধাৰাত গোচৰ। জয়পুৰৰ আৰক্ষী অধীক্ষক বিজু জৰ্জ জোছেফে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে গান্ধী পথ এলাকাত এখন একাডেমী খুলি ধোনিৰ নাম, ফটো ব্যৱহাৰ কৰি দিবাকৰে প্ৰচুৰ ধন সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে, ৰাঁচীৰ জিলা আদালতত মিহিৰ দিবাকৰৰ সংস্থা আৰ্কা স্প’ৰ্টছ মেনেজমেণ্টৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ধোনিয়ে। তেওঁৰ অভিযোগ আছিল উক্ত সংস্থাৰ সৈতে ২০২১ চনতেই তেওঁৰ সম্পৰ্ক শেষ হৈছে। তাৰ পাছতো মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনিৰ নাম আৰু ছবি ব্যৱহাৰ কৰি মুনাফা আদায়ৰে স্প’ৰ্টছ একাডেমী চলাই আছে।

সম্প্ৰতি জয়পুৰত আন এখন স্প’ৰ্টছ একাডেমী খুলিছে মিহিৰ দিবাকৰে। ভাৰতৰ ভিন্ন চহৰৰ লগতে বিদেশতো আছে তেওঁৰ স্প’ৰ্টছ একাডেমী। প্ৰায় প্ৰতিটো স্থানতে তেওঁ ধোনিৰ নাম, ফটো ব্যৱহাৰ কৰি ফ্ৰেঞ্চাইজি ফিচ আদায় কৰিছিল। তাৰ মাজতে এম এছ ধোনি ক্ৰিকেট একাডেমী আৰু এম এছ ধোনি স্প’ৰ্টছ একাডোমীৰ নাম ব্যৱহাৰ কৰি ১৫ কোটি টকাৰ মুনাফা আদায় কৰিছে।

পূৰ্বে মিহিৰ দিবাকৰ ধোনিৰ ব্যৱসায়ীক অংশীদাৰ হ’লেওঁ তেওঁলোকৰ ব্যৱসায়ীক সম্পৰ্ক ছিন্ন হোৱাৰ পাছত ধোনিয়ে তেওঁৰ নাম আৰু ফটো ব্যৱহাৰ নকৰিবলৈ দিবাকৰক সকিয়াই দিছিল। তাৰ পাছতো তেওঁ ধোনিৰ নাম, ফটো ব্যৱহাৰ কৰি ব্যৱসায় চলাই আহিছিল।   

IPL ৰ মাজতে ধোনি কাষ চাপিল আৰক্ষীৰঃ গ্ৰেপ্তাৰ ব্যৱসায়ী...
১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in