১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...

কংগ্ৰেছে আহ্বান কৰা সভা বৰ্জন কৰিলে টাই আহোম জনগোষ্ঠীয় সংগঠনে
১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...
১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...

ডিজিটেল সংবাদ যোৰহাটঃ গৌৰৱ গগৈৰ সভা বর্জন কৰিলে ১১ টাকৈ আহোম জনগোষ্ঠীয় সংগঠনে। আজি শিৱসাগৰত অনুষ্ঠিত বৈঠকত উমৈহতীয়াভাৱে সংগঠনসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰে।

সংগঠনকেইটাক সন্মানসহকাৰে বৈঠকলৈ আমন্ত্রণ নকৰাৰ অভিযোগ উত্থাপন কৰে টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে। উল্লেখ যে, কাইলৈ শিৱসাগৰত অনুষ্ঠিত হোৱাৰ কথা আছিল বিশেষ বৈঠকখন। আটাছু, টাইপা, আহোম সভা, আহোম সেনাসহ ১১ টা আহোম জনগোষ্ঠীয় সংগঠনে গ্ৰহণ কৰে এই সিদ্ধান্ত।

শিৱসাগৰৰ পৰ্যটন বিভাগৰ সভাকক্ষত আজি আহোম জনগোষ্ঠীৰ ১১ টা সংগঠনে এক আলোচনাত মিলিত হয়। এই আলোচনাত মূলতঃ দুটা প্ৰস্তাৱ লোৱা হয়। প্ৰথমটো হ’ল আহোমৰ যিকেইজন প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন গগৈয়ে টিকট পাইছে, জনজাতিকৰণ সম্পৰ্কত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে।

আজি সাংবাদিকৰ আগত টাই আহোম ছাত্ৰ সংগঠনৰ নেতৃত্বই গোটেইকেইটা সমষ্টিৰ যিকেইজন আহোমৰ প্ৰাৰ্থী আছে আটাইকেইজনে আহোমৰ জনজাতিকৰণ সন্দৰ্ভত তেওঁলোকৰ স্থিতি ২৪ ঘণ্টাৰ ভিতৰত স্পষ্ট কৰিব লাগিব বুলি কয়। তেওঁলোকে স্থিতি স্পষ্ট নকৰিলে অহা ১২ এপ্ৰিলত সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি আহোমৰ যিমানকেইটা সংগঠন আছে, সেই সংগঠনসমূহে মিডিয়াৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰিব বুলি মন্তব্য কৰে। ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয় যে তেওঁলোকে স্থিতি স্পষ্ট কৰিব যে আহোম জনগোষ্ঠীয় সংগঠনসমূহ কোনজন প্ৰাৰ্থীৰ পক্ষত থাকিব।

বৃহস্পতিবাৰে শিৱসাগৰত কংগ্ৰেছ দলে এখন সভালৈ টাই আহোম জনগোষ্ঠীয় সংগঠনক নিমন্ত্ৰণ জনাইছিল। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সেই সভাখনলৈ ছাত্ৰ সংগঠনটোক নিমন্ত্ৰণ জনোৱা নাই। আনকি কংগ্ৰেছ দলৰ মুৰব্বীয়েও তেওঁলোকক নিমন্ত্ৰণ জনোৱা নাই।

জিতেন গোস্বামী নামৰ কেৱল এজন বিষয়ববীয়াই সংগঠনটোক সভাখনলৈ তেওঁলোকক নিমন্ত্ৰণ কৰাত সংগঠনটো ক্ষুণ্ণ হৈ পৰে। এনে কাণ্ডৰ বাবে ছাত্ৰ সংগঠনটোৱে কংগ্ৰেছ দলক গৰিহণা দিয়ে আৰু সভা বৰ্জন কৰে।

জনগোষ্ঠীয় সংগঠনবোৰক এটা ৰাজননৈতিক দলে সভালৈ নিমন্ত্ৰণ জনাই সংগঠনবোৰক অপমানিত কৰা বুলি অভিযোগ কৰে। উপযুক্ত মৰ্যাদা, সন্মান নোপোৱাৰ বাবে তেওঁলোকে এনে সভা বৰ্জন কৰে।

আনহাতে, এচাম চেলা-চেমুণ্ডাই গৌৰৱ গগৈক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে। এই চেলা-চেমুণ্ডাসমূহে গৌৰৱ গগৈক বিপথে পৰিচালিত কৰি আহোম জনগোষ্ঠীয় সংগঠনবোৰৰ পৰা বিৰত ৰখাৰ প্ৰক্ৰিয়া এটা তেওঁলোকে কৰিছে।

তেওঁৰ লগত থাকি চিপ্ৰাং মৰা এই মানুহবোৰক চিনাক্ত কৰি অনাগত লোকসভা নিৰ্বাচনত কাম কৰিবলৈ গৌৰৱ গগৈক আহ্বান জনায়। অন্যথা লোকসভা নিৰ্বাচনত তেওঁ সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ১৫ বছৰ শাসনত আছিল যদিও জনজাতিকৰণৰ ক্ষেত্ৰত একো ভূমিকা গ্ৰহণ নকৰিলে। গৌৰৱ গগৈ ১০ বছৰ সাংসদ হ’ল তেওঁ জনজাতিকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।

১১ আহোম সংগঠনৰ অভিযোগঃ গৌৰৱ গগৈয়ে অপমান কৰিছে তেওঁলোকক...
হঠাৎ ধোনিয়ে কিয় এৰিছিল টেষ্ট ক্ৰিকেট? ১০ বছৰ পিছত আহিল পোহৰলৈ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in