নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...

নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...
নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...

ডিজিটেল ডেস্কঃ দেওবাৰে উদ্বোধন কৰা হ'ব দেশৰ নৱ নিৰ্মিত সংসদ ভৱন। কিন্তু তাৰ পূৰ্বে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। কিয়নো নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত সম্পূৰ্ণৰূপে একাষৰীয়া কৰা হৈছে দেশৰ ৰাষ্ট্ৰপতিক।

গোটেই অনুষ্ঠান প্ৰধানমন্ত্ৰী মোডীময় হৈ পৰাৰ বাবে এতিয়া বিৰোধীৰ মাজত আৰম্ভ হৈছে ক্ষোভ। বৰ্জনৰ সিদ্ধান্ত লৈছে নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধনী অনুষ্ঠান।

নৱ নিৰ্মিত এই সাংসদ ভৱন উদ্বোধন কাৰ্যসূচী বৰ্জন কৰিছে তৃণমূল কংগ্ৰেছে। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে দলটোৰ সাংসদসকল।

এই সন্দৰ্ভত দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ওব্ৰায়েনে টুইট কৰি জনাইছে দেওঁবাৰৰ অনুষ্ঠানত তেওঁলোক উপস্থিত নাথাকে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ সৰ্বোচ্চ প্ৰতিষ্ঠান সংসদ ভৱন।

অথচ এই সংসদ ভৱনৰ উদ্বোনী অনুষ্ঠানত এলাগী হৈছে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদাধিকাৰ ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিগৰাকীয়েই সংসদৰ অভিভাৱক।সেই ৰাষ্ট্ৰপতিকেই আওকান কৰি সাংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সেয়ে তেওঁৰ এই অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে তৃণমূল কংগ্ৰেছে। দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ওব্ৰায়েনে টুইট কৰি এই সন্দৰ্ভত কয়, নতুন সাংসদ ভৱন কেৱল এটা ভৱন নহয়। ই এটা পুৰণি ৰীতি-নীতি, নিয়ম আৰু ঐতিহ্য বজাই ৰখাৰ প্ৰতিষ্ঠান। এয়া ভাৰতৰ গণতন্ত্ৰৰ ভেটি। প্ৰধানমন্ত্ৰীয়ে ইয়াক নিজৰ বাবে নাপায়। কিন্তু দেওবাৰে নতুনকৈ যি সাংসদ ভৱন উদ্বোধন হব সেয়া প্ৰধানমন্ত্ৰী মোডীৰ বাবে কেৱল মই, মোৰ, মোৰ বাবে। সেয়ে আমি ইয়াৰ পৰা বাহিৰ হৈছো।

কেৱল তৃণমূল কংগ্ৰেছেই নহয় আন বহু বিৰোধী দলেও এই অনুষ্ঠান বৰ্জনৰ হুংকাৰ দিছে। উল্লেখ্য যে, পদমৰ্যাদা অনুসৰি নতুন সাংসদ ভৱন উদ্বোধনৰ অধিকাৰী কেৱল ৰাষ্ট্ৰপতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়।

যোৱা দেওবাৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে এই দাবী কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সুৰতেই সুৰ মিলালে তৃণমূল কংগ্ৰেছ, বাওঁদলসহ আন আন বিৰোধী দলে।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে বিৰোধীৰ এই দাবীৰ যুক্তিযুক্ততা আছে। ভাৰতীয় সংবিধানৰ ৭৯ অনুচ্ছেদত স্পষ্ট ভাবে লিখা আছে দেশৰ সংসদ গঠিত হৈছে ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাক লৈ।

যিহেতু ৰাষ্ট্ৰপতি সংসদৰ শীৰ্ষস্থানত আছে সেয়ে নতুন ভৱন উদ্বোধন কৰা উচিত ৰাষ্ট্ৰপতিৰ হাতেৰে। সেয়ে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ এই দাবীক সমৰ্থন জনাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও। তেওঁ এই অনুষ্ঠান বৰ্জন কৰাক লৈ আলোচনা অব্যাহত ৰাখিছে। আনহাতে আম আদমী পাৰ্টীয়েও বৰ্জন কৰিছে এই অনুষ্ঠান।

নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...
অষ্ট্ৰেলিয়াবাসীক দেৱালী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালে মোডীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in