ৰহস্য উদঘাটনঃ এইদৰে ধোনিয়ে নিজকে কৰি ৰাখে 'কুল'...

ৰহস্য উদঘাটনঃ এইদৰে ধোনিয়ে নিজকে কৰি ৰাখে 'কুল'...
ৰহস্য উদঘাটনঃ এইদৰে ধোনিয়ে নিজকে কৰি ৰাখে 'কুল'...

ডিজিটেল ডেস্কঃ তেওঁ কেপ্টেইন কুল। কঠিন পৰিস্থিতিকো তেওঁ সহজে চম্ভালি লয়। শীতল মস্তিষ্কৰে তেওঁ ল'ব পাৰে বহু কঠিন সিদ্ধান্ত। তেওঁৰ এই শান্ত, সমাহিত ৰূপটোক লৈ প্ৰায়ে চৰ্চা হয়।

তেওঁ কিদৰে নিজকে পৰিস্থিতিৰ সৈতে মিলাই চলে তাক লৈ ৰহস্যৰ সৃষ্টি হয়। কিন্তু এই সকলো ৰহস্যৰ যেন সমাপ্ত হ'ল। বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা সদ্য সমাপ্ত আই পি এলত চেন্নাইক পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ জয় কৰোৱাত সফল হোৱা মহেন্দ্ৰ সিং ধোনিৰ সন্দৰ্ভত সৃষ্টি হোৱা সকলো ৰহস্যৰ উদঘাটন হ'ল।

ভগৱৎ গীতা অধ্যয়ন কৰে ধোনিয়ে। ভগৱৎ গীতা অধ্যয়ন কৰিয়েই ধোনিয়ে নিজকে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা অৰ্জন কৰিছে। আজি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ সময়ত ধোনিৰ সন্দৰ্ভত এই ৰহস্য উদঘাটন হ'ল।

চিকিৎসালয়ৰ সন্মুখত ধোনিৰ হাতত দেখা গ'ল এখন ভগৱৎ গীতা। তাৰ পাছতে সামাজিক মাধ্যমত বিভিন্ন জনে ধোনিৰ সম্পৰ্কে পূৰ্বৰে পৰা সৃষ্টি হোৱা ৰহস্য উদঘাটন হ'ল বুলি উল্লেখ কৰি নিজৰ মতামত প্ৰৰাশ কৰিছে।

বহুতৰ মতে ভগৱৎ গীতা পাঠ কৰি ধোনিয়ে নিজকে সকলো পৰিস্থিতিতে শান্ত কৰি ৰাখিবলৈ সক্ষম হৈছে। ভগৱৎ গীতাই ধোনিক দিছে সফলতাৰ মন্ত্ৰ। দিছে প্ৰচুৰ পৰিমাণে আত্মবিশ্বাস। সঠিক সিদ্ধান্ত লোৱাত ভগৱৎ গীতা অধ্যয়নে দিছে নিপুণতা।

সদ্য সমাপ্ত আই পি এলত বাওঁ ভৰিত আঘাত লৈয়ে খেল পথাৰত নিজৰ দক্ষতাৰ পুনৰ প্ৰমাণ দাঙি ধৰিলে ধোনিয়ে। ভৰিত আঘাত লৈয়েই উইকেট কিপিঙত পূৰ্বৰ দৰেই অপ্ৰতিৰোধ্য হৈ থাকিল ধোনি। ফিনিচাৰ হিচাপেও তেওঁ কেইবাখনো মেচত প্ৰদৰ্শন কৰিলে সক্ষমতা।

অৱশ্য পূৰ্বৰ দৰে ৰাণ লোৱাৰ সময়ত ধোনি কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছিল। তথাপিও তেওঁ হৈ পৰিছিল অপ্ৰতিৰোধ্য। আই পি এল শেষ হোৱাৰ পিছতে এতিয়া ধোনিয়ে তেওঁৰ ভৰিৰ আঘাতৰ চিকিৎসাৰ বাবে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হৈছেগৈ।

হয়তো আজিয়েও তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি অস্ত্ৰোপ্ৰচাৰো সম্পন্ন কৰিব। চিকিৎসালয়খনত উপস্থিত হোৱাৰ সময়ত ধোনিৰ হাতত দেখা গৈছিল ভগৱৎ গীতাখন। সেয়ে এতিয়া সকলোৱে ধোনিৰ সফলতা, ধোনিৰ শান্ত, সমাহিত ৰূপ আৰু সিদ্ধান্ত গ্ৰহণৰ নিপুণতাত ভগৱৎ গীতা অধ্যয়নে প্ৰভাৱ পেলাইছে বুলি দাবী কৰিছে বহুতেই।

ৰহস্য উদঘাটনঃ এইদৰে ধোনিয়ে নিজকে কৰি ৰাখে 'কুল'...
মণিপুৰৰ হিংসাত্মক ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in