মণিপুৰৰ হিংসাত্মক ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য...

মণিপুৰৰ হিংসাত্মক ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য...
মণিপুৰৰ হিংসাত্মক ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতে মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধানক বদলি। মণিপুৰ আৰক্ষীৰ সঞ্চালক প্ৰধান আই পি এছ বিষয়া পি ডংগেলক গৃহ বিভাগৰ অ' এছ ডি হিচাপে বদলি কৰা হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ নতুন সঞ্চালক প্ৰধান হিচাপে দায়িত্ব দিয়া হৈছে আই পি এছ বিষয়া ৰাজীৱ সিংক।

তিনিদিনীয়াকৈ মণিপুৰ ভ্ৰমণলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে আজি মণিপুৰ ভ্ৰমণ সামৰি দিল্লীলৈ উৰা মৰাৰ পূৰ্বে সাংবাদিকৰ মুখামুখী হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে একে পেনেল গঠন কৰা হ'ব।

এই পেনেলৰ নেতৃত্বত থাকিব উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ। আনহাতে এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত মুঠ ৬ টা গোচৰৰ তদন্ত কৰিব চি বি আইৰ বিশেষ দলে।

ৰাজ্যখনৰ হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈও তেওঁ সাহায্য ঘোষণা কৰিছে। হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক কেন্দ্ৰই ৫ লাখকৈ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে মণিপুৰ চৰকাৰৰ ফালৰ পৰাও ৫ লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব।

এই ৩ দিনীয়া ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল, সংঘাটৰ সৃষ্টি হোৱা কুকি আৰু মেইটেই জনগোষ্ঠীৰ প্ৰতিনিধি, সামাজিক গোট, সংগঠন আৰু শীৰ্ষ বিষয়াৰ নেতৃত্বৰে বৈঠকত মিলিত হয়। আনহাতে মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশনাত এখন শান্তি সমিতিও গঠন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে।  

ইফালে ৰাজ্যখনৰ নিয়োজিত হৈ থকা বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ বাবে বৃহস্পতিবাৰৰ পৰা এটা আন্তঃসংস্থা ঐক্যবদ্ধ কমাণ্ডে কাম আৰম্ভ কৰিছে। ইয়াৰ নেতৃত্বত থাকিব চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান কুলদীপ সিং।

সাংবাদিকৰ আগত অমিত শ্বাহে ভৱিষ্যতে ৰাজ্যখনত এনেধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যখনৰ লোকসকলক আশ্বস্ত কৰিছে। ভৱিষ্যতে এনে হিংসাত্মক ঘটনা ৰোধ কৰিবৰ বাবে বিশেষ কাৰ্যপন্থাও গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে।

ব্যাপক হাৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যখনত দেখা দিয়া খাদ্যৰ অভাৱ দূৰ কৰিবলৈ কেন্দ্ৰই ৰাজ্যখনলৈ ৩০ মেট্ৰিকটন চাউল যোগান ধৰাৰ কথাও ঘোষণা কৰে।

উল্লেখ্য যে, মণিপুৰত সংঘটিত হোৱা এই হিংসাত্মক পৰিস্থিতিত ৭০ জনতকৈ অধিক লোকৰ প্ৰাণ নাশ হোৱাৰ লগতে গৃহহীন হৈছে ২৩ হাজাৰ লোক।  

মণিপুৰৰ হিংসাত্মক ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য...
ৰবি শৰ্মাৰ 'শ্ৰী ৰঘুপতি' মুক্তিত ন্যায়ালয়ৰ বাধাঃ অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in