অৱসৰ ল'ব ধোনিয়ে ! CSK য়ে দিছে এই ইংগিত...
অৱসৰ ল'ব ধোনিয়ে ! CSK য়ে দিছে এই ইংগিত...

অৱসৰ ল'ব ধোনিয়ে ! CSK য়ে দিছে এই ইংগিত...

ডিজিটেল ডেস্কঃ বিগত ২৯ মে'ত পুনৰ এবাৰ আই পি এলৰ চেম্পিয়ন হোৱাৰ পাছত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে তেওঁৰ অনুৰাগীসকলক আন এক উপহাৰ দিছিল। তেওঁ জনাইছিল সমৰ্থকসকলৰ বাবেই তেওঁ আৰু এটা ছিজন আই পি এল খেলিবলৈ চেষ্টা কৰিব।

কিন্তু মঙ্গলবাৰে পুনৰ মহেন্দ্ৰ সিং ধোনিৰ অৱসৰৰ প্ৰসংগক লৈ চৰ্চা আৰম্ভ হৈছে। চেন্নাই চুপাৰ কিংছে তেওঁলোকৰ সামাজিক মাধ্যমত আপলোড কৰা এটা ভিডিঅ’ই এই বিষয়টো পুনৰ চৰ্চালৈ টানি আনিছে।

মঙ্গলবাৰে ধোনিক লৈ এটা ভিডিঅ’ আপলোড কৰিছে চি এছ কেয়ে। ভিডিঅ’টোত দেখা গৈছে আই পি এল ২০২৩ ৰ ধোনিৰ বিভিন্ন মুহূৰ্ত। ভিডিঅ’টোৰ শেষত দেখা গৈছে তেওঁ খেল পথাৰ এৰি পেভিলিয়নলৈ ঘূৰি গৈছে।

ভিডিঅ’টোৰ কেপচনত লিখিছে Oh Captain, My Captain! আৰু ইয়াৰ পাছতেই আৰম্ভ হৈছে পুনৰ চৰ্চা। বহুতেই প্ৰশ্ন কৰিছে আই পি এলত পুনৰ আকৌ ধোনিক দেখিবলৈ নাপাব নেকি? সঁচাকৈয়ে ধোনিয়ে খেল পথাৰ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? 

মন কৰিবলগীয়া যে, ধোনিয়ে ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সময়ত বা আন আন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সময়ত বিশ্ববাসীক আচৰিত কৰি তুলিছিল। অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পৰা অৱসৰ লোৱালৈ ধোনিয়ে গ্ৰহণ কৰা সিদ্ধান্তই সকলোকে আশ্চৰ্যকৃত কৰি তুলিছিল।

কোনো মেচৰ শেষত অথবা ছিৰিজ জয় কৰাৰ সময়ত নহয়, বৰঞ্চ কোনেও কল্পনা কৰিব নোৱাৰা এক সময়ত নিজস্ব ধৰণে সিদ্ধান্ত লৈছে ধোনিয়ে। এইবাৰো বহুতেই ভাবিছিল আই পি এলৰ শেষত ধোনিয়ে অৱসৰ ঘোষণা কৰিব।

কিন্তু ধোনিৰ পৰিৱৰ্তে ফাইনেল মেচৰ পূৰ্বে আম্বাতি ৰায়ডুৱেহে ঘোষণা কৰিলে অৱসৰ। ধোনিয়ে ক’লে, জানো অৱসৰ ঘোষণাৰ বাবে এয়াই উত্তম সময়। কিন্তু সমৰ্থকসকলৰ পৰা যি মৰম পাইছো সেই মৰমৰ বাবে ফিট হৈ আকৌ এবাৰ খেল পথাৰত নমাটোহে কঠিন কাম।

ধোনিয়ে এই মন্তব্যৰ জৰিয়তে আৰু এটা ছিজন আই পি এল খেলাৰ ইংগিত দিছিল। সেয়া যিয়েই নহওক চি এছ কেয়ে আপলোড কৰা এই ভিডিঅ’ই এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চৰ্চা চলিছে গোটেই বিষয়টোক লৈ।

বহুতেই কৈছে ধোনিয়ে খেলা বা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে যদিও তাক সন্মান কৰা উচিত। বহুতৰ মতে আকৌ ধোনিয়ে পুনৰ এটা ছিজন খেলাটো নিশ্চিত। কিয়নো আই পি এলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ইমপেক্ট প্লেয়াৰ নিয়মে ধোনিৰ খেলাৰ বাট মুকলি কৰিছে।

অৱসৰ ল'ব ধোনিয়ে ! CSK য়ে দিছে এই ইংগিত...
বৰযাত্ৰী ঘূৰি নাপালেগৈ ঘৰঃ নদীৰ মাজতে সলিল সমাধি ১০৩ জনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in