বৰযাত্ৰী ঘূৰি নাপালেগৈ ঘৰঃ নদীৰ মাজতে সলিল সমাধি ১০৩ জনৰ...

বৰযাত্ৰী ঘূৰি নাপালেগৈ ঘৰঃ নদীৰ মাজতে সলিল সমাধি ১০৩ জনৰ...
বৰযাত্ৰী ঘূৰি নাপালেগৈ ঘৰঃ নদীৰ মাজতে সলিল সমাধি ১০৩ জনৰ...

ডিজিটেল ডেস্কঃ বিয়া শেষ কৰি নদী পথেৰে যাত্ৰা কৰিছিল বৰযাত্ৰীৰ এটা দলে। কিন্তু ঘৰগৈ নাপালে এই বৰযাত্ৰীৰ দলটো। গভীৰ নদীত সলিল সমাধি ঘটিল ১০৩ জনকৈ লোকৰ।

এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে আফ্ৰিকাৰ নাইজেৰিয়াত। এই নৌকা দুৰ্ঘটনা কেনেকৈ হ'ল সেই বিষয়ে এতিয়াও কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই।

অৱশ্যে বহু লোকে এই দুৰ্ঘটনাৰ ভিন্ন কাৰণ ব্যাখ্যা কৰিছে। কিছুমানৰ মতে নৌকাখনৰ বহন ক্ষমতাতকৈ যাত্ৰীৰ সংখ্যা আছিল অধিক। আন কিছুমানৰ বাবে নৌকাখনৰ সুৰক্ষাৰ দিশটো আছিল একেবাৰে দুৰ্বল।

আন একাংশৰ মতে আকৌ অত্যাধিক বৰষুণেই এই দুৰ্ঘটনাৰ মূল কাৰণ। তাৰ মাজতো এটা কথা স্পষ্ট হৈছে যে, নাওখনত সুৰক্ষাৰ দিশটো সঁচাকৈয়ে যথেষ্ট দুৰ্বল আছিল।

স্থানীয় সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে নাইজেৰিয়াৰ কোৱাৰা ৰাজ্যত। চুবুৰীয়া নাইজাৰ ৰাজ্যৰ পৰা এই বৰযাত্ৰীদলটো কইনা লৈ ঘূৰি আহিছিল গৃহৰাজ্যলৈ।

প্ৰায় ৩০০ লোক থকা এই নৌকাখনৰ ১০৩ জন যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে। উদ্ধাৰ হৈছে ১০০ জন লোক। বাকীসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান।

বৰযাত্ৰী ঘূৰি নাপালেগৈ ঘৰঃ নদীৰ মাজতে সলিল সমাধি ১০৩ জনৰ...
মণিপুৰত পুনৰ সংঘৰ্ষঃ প্ৰাণ হেৰুৱালে ৯ জনে, আহত ১১ জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in