/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b606d4b1-bdf4-478c-892c-40250e5e2e47/bokakhat_22.jpg)
বোকাখাতত আটক চোৰাং চিকাৰীঃ সজীৱ গুলী উদ্ধাৰ...
ডিজিটেল সংবাদ বোকাখাতঃ ২২ মে', ২০২৪, বুধবাৰে বোকাখাতত আৰক্ষীৰ জালত পৰিল এটা চোৰাং চিকাৰী। আৰক্ষীয়ে চিকাৰীটোৰ পৰা জব্দ কৰিছে ৰাইফলৰ সজীৱ গুলীও।
জানিব পৰা মতে বোকাখাট আৰক্ষীয়ে চহলা চাপৰিৰ পৰা হৰিলাল চৌধুৰী নামৰ চোৰাং চিকাৰিটোক আটক কৰিছে। তেওঁৰ ঘৰৰ পাছফালে থকা বাহনীৰ পৰা উদ্ধাৰ কৰিছে ৬ জাই ৰাইফলৰ সজীৱ গুলী।
উল্লেখ্য যে, পূৰ্বৰে পৰা হৰিলাল চোৰাং চিকাৰৰ লগত জড়িত আছিল। ইয়াৰ পূৰ্বেও তেওঁক দুবাৰকৈ বন বিভাগে আটক কৰিছিল।
Also Read: অৱশেষত সন্ধান ওলাল বাংলাদেশৰ নিৰুদ্দিষ্ট সাংসদৰঃ বিলাসী অট্টালিকাত উদ্ধাৰ মৃতদেহ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us