/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/290a58d3-1d70-48ae-81b2-c69a5e8e4f2c/arm_wrestking.jpg)
ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত মৃন্ময় তালুকদাৰৰ সোণসহ দুটাকে পদক অৰ্জন...
ডিজিটেল ডেস্কঃ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণ আৰু ৰূপসহ দুটাকৈ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ এক তৰুণ প্ৰতিভাই। যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ মালয়েছিয়াত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপ-২০২৩ ত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ মৃন্ময় তালুকদাৰে ৰাইট হেণ্ডত সোণৰ পদক আৰু লেফ্ট হেণ্ডত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/892e6d02-057a-40c7-98d0-2353f5dca8a7/e046644d_ae86_4528_ae95_1e90255b0f1a.jpg)
ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ আৰ্ম ৰেষ্টলিং (আই এফ এ)ৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত বিশ্বৰ প্ৰায় ৩০ খন দেশৰ ৭০০ ৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। অসমৰ মৃন্ময় তালুকদাৰে প্ৰতিযোগিতাখনত ১৫ বছৰ অনূৰ্ধ্বৰ শাখাৰ ৬৩ কেজি শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
উল্লেখ্য মৃন্ময় তালুকদাৰ ডিব্ৰুগড়ৰ নালিয়াপুৰ আজগড় আলি পথৰ ৰাজু তালুকদাৰ আৰু হিমাদ্ৰী মেধী তালুকদাৰৰ সন্তান। নৱম শ্ৰেণীৰ এই ছাত্ৰগৰাকীয়ে ডিব্ৰুগড়স্থিত স্পেৰ' আৰ্ম ৰেষ্টলিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
যিসময়ত এছিয়ান গেমছত অসমৰ ৭ গৰাকীকৈ খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰাৰ উপৰিও ভাৰতীয় মহিলা ক্ৰিকেটদলৰ সদস্য হিচাপে অসমৰ উমা ছেত্ৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই সময়তে মৃন্ময় তালুকদাৰে লাভ কৰা এই সফলতাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/25a6c743-56cc-4ccc-b182-40b409ee72f9/9e0dc7aa_ee67_4edb_9e72_473109f2f287.jpg)
Also Read: এদিনীয়া ক্ৰিকেট বিশ্বকাপঃ সম্পূৰ্ণ ACA ৰ প্ৰস্তুতি, ৩০ ছেপ্টেম্বৰত ভাৰত-ইংলেণ্ডৰ মেচ...