হেৰাই যোৱা মোহিত শৰ্মাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন...

হেৰাই যোৱা মোহিত শৰ্মাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন...
হেৰাই যোৱা মোহিত শৰ্মাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৩ শেষ হ'ল। এইবাৰৰ আই পি এলে ভাৰতক কেইবাজনো প্ৰতিভাৱান ক্ৰিকেটাৰ দিলে। কেইবাজনো তৰুণ ক্ৰিকেটাৰে নিজৰ অনবদ্য প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞৰ পৰা প্ৰশংসা লাভ কৰাৰ সমান্তৰালকৈ ভাৰতীয় দলটো স্থান দিয়াৰ প্ৰসংগ উত্থাপন হৈছে।

যশস্বী জয়ছোৱাল, ৰিংকু সিং তেনে ক্ৰিকেটাৰৰ ভিতৰত অন্যতম। এই তৰুণ ক্ৰিকেটাৰৰ ভিতৰত উজলি উঠিল আন কেইবাজনো বৰ্ষিয়ান ক্ৰিকেটাৰ। আই পি এল-২০২৩ ৰ আৰম্ভণিৰ আগলৈকে মানুহে পাহৰি যোৱা মোহিত শৰ্মা তেনে এজন ক্ৰিকেটাৰ।

মোহিত শৰ্মাৰ ৰাজকীয় প্ৰত্যাৱৰ্তনে ক্ৰিকেট সম্পৰ্কে মানুহৰ বহু ধাৰণাই সলনি কৰিলে। ভাৰতীয় জাতীয় দলৰ হৈ মোহিত শৰ্মাই শেষবাৰ কেতিয়া খেলিছিল সেয়া হয়তো মানুহে পাহৰি পেলাইছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁক অন্তিমবাৰৰ বাবে দেখা পোৱা গৈছিল ২০১৮ ত।

তাৰ পাছৰ পৰা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো দেখিবলৈ পোৱা নাছিল মোহিতক। ২০২০ ত তেওঁ আই পি এললৈ প্ৰত্যাৱৰ্তন কৰে। দিল্লী কেপিটেলছে তেওঁক সেইবাৰ ৫০ লাখ টকাত ক্ৰয় কৰিছিল। অৱশ্যে দিল্লীয়ে তেওঁক ক্ৰয় কৰিছিল যদিও খেলাৰ সুযোগেই নাপালে বুলি কলেও ভুল কোৱা নহ'ব।

সেইবাৰ মাত্ৰ এখন মেচত খেলাৰ সুযোগ লাভ কৰিছিল আৰু এটা উইকেট দখল কৰিছিল। ইয়াৰ পাছত তেওঁক কোনো ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিবলৈ আগ্ৰহ নকৰিলে। ২০২২ ত আই পি এলত আত্মপ্ৰকাশ কৰিলে নতুনকৈ দুটা ফ্ৰেঞ্চাইজিয়ে। গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ।

গুজৰাটৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল মোহিত শৰ্মাৰ একালৰ সতীৰ্থ আশীষ নেহেৰা। ২০২২ৰ নিলামত আশীষ নেহেৰাৰ কথা মতেই মোহিত শৰ্মাক ক্ৰয় কৰে ফ্ৰেঞ্চাইজিটোৱে।

সেইবাৰ তেওঁ গুজৰাটৰ হৈ নেট বলাৰ হিচাপে দায়িত্ব পালন কৰে। গুজৰাটৰ নেট বলাৰ হিচাপে মোহিত শৰ্মাক বহু কাষত পালে আশীষ নেহেৰাই। তেওঁ মোহিত শৰ্মাৰ প্ৰতিভাক ঠিকেই অনুভৱ কৰিলে।

নেট অভিজ্ঞতা প্ৰত্যক্ষ কৰাৰ পাছত আশীষ নেহেৰাই ২০২৩ ৰ আই পি এলৰ বাবে তেওঁক সাজু কৰি তুলিলে। মাজত ৩ টা বছৰৰ অপেক্ষা। ২০২৩ ত মোহিত শৰ্মা পুনৰ নামিল আই পি এলৰ পথাৰত।

তাৰ পাছৰ পৰাই গুজৰাটৰ অন্যতম শক্তিশালী অস্ত্ৰ হৈ পৰিল মোহিত শৰ্মা। যি কোনো সময়তে খেল পথাৰত উইকেট ল’ব পৰা, খেলৰ গতি সলনি কৰিব পৰা শক্তি, সামৰ্থৰ অধিকাৰী হৈ ধৰা দিলে মোহিত শৰ্মাই।

খেলপথাৰত যেতিয়াই অধিনায়ক পাণ্ডিয়াই মোহিত শৰ্মাৰ হাতত বল তুলি দিছে, তেতিয়াই তেওঁক দলে বিচৰা ধৰণেই প্ৰদৰ্শন দাঙি ধৰিছে। বিমুখ কৰা নাই কাকো।

প্ৰথম কোৱালিফায়াৰত মহেন্দ্ৰ সিং ধোনি মোহিত শৰ্মাৰ হাততেই আউট হৈছিল। ফাইনেল মেচতো সেয়াই হ'ল। এসময়ত ধোনিৰ চেন্নাই চুপাৰ কিংছতেই আছিল মোহিত শৰ্মা। সেই চেন্নাইকে মোহিত শৰ্মাই সোমবাৰৰ ফাইনেলখনত কিছু সময়ৰ বাবে কৰি তুলিছিল দিশহাৰা।

অৱশ্যে ফাইনেলৰ অন্তিম অভাৰৰ অন্তিম ২ টা বলত মোহিত শৰ্মাই হেৰুৱালে তেওঁৰ স্বাভাৱিক ছন্দ। তেওঁৰ অন্তিম অভাৰৰ পঞ্চম বলত ৬ আৰু অন্তিমটো বলত ৪ ৰাণ দি চেন্নাইৰ বিজয়ৰ বাট মুকলাই দিলে।

তথাপিও মোহিত শৰ্মা খলনায়ক হিচাপে পৰিগণিত নহ'ল। বৰঞ্চ নায়ক হিচাপেহে মোহিতক যথোচিত সন্মান দিলে দুয়োটা দলে।

এইবাৰ আই পি এলত মোহিত শৰ্মাই খেলিলে মুঠ ১৪ খন মেচ। এই ১৪ মেচত তেওঁ লাভ কৰিলে ২৭ টাকৈ উইকেট। সৰ্বাধিক উইকেট লাভৰ তালিকাত দ্বিতীয়স্থানত ৰ'ল মোহিত শৰ্মা।

প্লে’ অফ আৰু ফাইনেলত মোহিত শৰ্মাৰ হাতত আউট হোৱা ধোনিয়ে খেলৰ অন্তত তেওঁক দিলে আশীৰ্বাদ। অধিনায়ক পাণ্ডিয়াই তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ ধৰি ল'লে সাৱটি। বিভিন্ন জনে দিলে মোহিত শৰ্মাৰ জাতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তনৰ বাট মুকলি হোৱাৰো ইংগিত।

হেৰাই যোৱা মোহিত শৰ্মাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন...
অসমক কেন্দ্ৰই দিয়া নাই ধনঃ বিভাগসমূহক বান্ধি দিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in