অসমক কেন্দ্ৰই দিয়া নাই ধনঃ বিভাগসমূহক বান্ধি দিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য...

অসমক কেন্দ্ৰই দিয়া নাই ধনঃ বিভাগসমূহক বান্ধি দিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য...
অসমক কেন্দ্ৰই দিয়া নাই ধনঃ বিভাগসমূহক বান্ধি দিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য...

ডিজিটেল ডেস্কঃ চৰম বিত্তীয় সংকটত ভূগিছে ৰাজ্য চৰকাৰ। এটাৰ পাছত আন এটাকৈ হিতাধিকাৰী আঁচনিৰে চমক সৃষ্টি কৰা ৰাজ্য চৰকাৰে আৰ্থিক দুৰৱস্থাৰ কথা স্বীকাৰ নকৰিলেও ঋণৰ ওপৰত ঋণ গ্ৰহণ কৰা কাৰ্যই এই আৰ্থিক দুৰৱস্থাৰ দিশটোক দাঙি ধৰিছে।

তাৰ মাজতে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে প্ৰতিটো বিভাগকে ৰাজহ সংগ্ৰহৰ বাবে ধন নিৰ্ধাৰণ কৰি দিয়া বিষয়টোৱে এতিয়া পুনৰ ৰাজ্যৰ অৰ্থনৈতিক জুৰুলা অৱস্থাটোৰ বিষয়ে উদঙাই দিছে। হাজাৰ কোটিৰ ঘৰত ধন খৰচ কৰিবলৈ চিন্তা নকৰা ৰাজ্য চৰকাৰে পুনৰ জনতাৰ মূৰত মাধমাৰ দি বিভিন্ন ৰাজহ, মাচুল আদি বৃদ্ধিৰ বাবে সাজু হৈছে।

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে মুঠ ৬ টা বিভাগক ৩৫ হাজাৰ ১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় চৰকাৰ পুঁজিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য চৰকাৰক কেন্দ্ৰই পুঁজি মুকলাই নিদিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া এইদৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিবলৈ বাধ্য হোৱা ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি বিক্ৰী কৰ বিভাগে সংগ্ৰহ কৰিব লাগিব ২৪ হাজাৰ ১১৭ কোটি টকা। খনি আৰু খনিজাত সম্পদ বিভাগে সংগ্ৰহ কৰিব লাগিব ৫২ হাজাৰ ১১৭ কোটি টকা।

একেদৰে ৰাজহ বিভাগে সংগ্ৰহ কৰিব লাগিব ১ হাজাৰ ৪৩৭ কোটি টকাৰ ৰাজহ। আবকাৰী বিভাগে সংগ্ৰহ কৰিব লাগিব ৩ হাজাৰ ১৫ কোটি টকাৰ ৰাজহ। পৰিবহন বিভাগে ১ হাজাৰ ৪৩৫ কোটি আৰু বন বিভাগে ১ হাজাৰ ১০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব লাগিব।

এইদৰেই এতিয়া ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ ফলত বিভাগসমূহে যে, লক্ষ্যত উপনীত হ'বলৈ পুনৰ কৰ বৃদ্ধি, মাচুল বৃদ্ধিৰে জনতাৰ মূৰত মাধমাৰ মাৰিব সেয়া নিশ্চিত। বিশেষকৈ পৰিবহন, ভূমি, আবকাৰী, সম্পত্তি, ইন্ধন কৰ আদি যে আগন্তুক সময়ত পুনৰ বৃদ্ধি হোৱাৰ আংশকা আছে।

অসমক কেন্দ্ৰই দিয়া নাই ধনঃ বিভাগসমূহক বান্ধি দিলে ৰাজহ সংগ্ৰহৰ লক্ষ্য...
Judicial City Assam: মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ ১০০ বিঘা ভূমিত হ'ব জুডিচিয়েল চিটি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in