''ৱেষ্ট ইণ্ডিজৰে পৰাজিত খেলে নিৰ্ণয় নকৰে ভাৰতীয় ক্ৰিকেট দলৰ যোগ্যতা''

''ৱেষ্ট ইণ্ডিজৰে পৰাজিত খেলে নিৰ্ণয় নকৰে ভাৰতীয় ক্ৰিকেট দলৰ যোগ্যতা''

ডিজিটেল ডেস্কঃ আই চি চি বিশ্বকাপ ২০২৩ লৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ক্ৰিকেটপ্ৰেমী ভাৰতীয়সকলৰ মাজত এইবাৰৰ বিশ্বকাপক লৈ আৰু অধিক উত্তেজনা বৃদ্ধি পাইছে । কাৰণ ২০১১ চনৰ পিছত পুনৰ এবাৰ ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলৈ গৈ আছে আই চি চি বিশ্বকাপ ২০২৩।

২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে বিশ্ব জয় কৰা সেই স্মৰণীয় মূহূৰ্ত্তটো এতিয়াও প্ৰতিজন ভাৰতীয়ৰ মনত সজীৱ হৈ আছে। এইবাৰ পুনৰ ভাৰতত আই চি চি বিশ্বকাপ অনুষ্ঠিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰে পৰা সকলো  ভাৰতীয়ই পুনৰবাৰ ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ জয় কৰি ভাৰতবাসীক পুনৰ সেই বিশ্বজয়ৰ সোৱাদ দিব বুলি আশা কৰিছে।

কিন্তু শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ সৈতে হৈ যোৱা টি-২০ শৃংখলাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনীয়ে এই আশা কিছু পৰিমাণে ম্লাণ কৰিছে বুলি বিভিন্ন মহলত চৰ্চিত হৈ আছে। ইয়াৰ মাজতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ কাইফৰ এক মন্তব্যই ক্ৰিকেট অনুৰাগীসকলৰ মাজলৈ পুনৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

সোমবাৰে প্ৰাক্তন ভাৰতীয় খেলুৱৈ মহম্মদ কাইফে কয় যে ভাৰতীয় ক্ৰিকেট দলটোৰ এইবাৰ বিশ্বকাপ জয় কৰাৰ সম্পূৰ্ণ সামৰ্থ আছে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেখুওৱা ভাৰতীয় দলৰ প্ৰদৰ্শনীক লৈ সন্দীহান হোৱা উচিত নহয়।

উক্ত শৃংখলাটোত ভাৰতে মাত্ৰ দুখন মেচত পৰাজিত হৈছে গতিকে ইয়াকে লৈ ভাৰতীয় দৰ্শক চিন্তিত হোৱাৰ প্ৰয়োজন নাই। তদুপৰি পৰাক্ৰমী ভাৰতীয় ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ দলটোত যোগদানৰ পিছত দলটো আৰু অধিক শক্তিশালী হৈ উঠিব বুলিও মন্তব্য কৰে কাইফে।

আঘাতপ্ৰপ্ত হৈ বিগত এটা বছৰে ক্ৰিকেটৰ পৰা আঁতৰি থকা যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত কাইফে কয় যে, ফাষ্ট বলাৰগৰাকী শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ লগতে খেলৰ বাবেও প্ৰস্তুত হোৱাটোও প্ৰয়োজনীয়। এচিয়া কাপ আৰু আই চি চি বিশ্বকাপৰ দৰে দুখনকৈ বৃহত ক্ৰিকেট টুৰ্ণামেন্টৰ আগত ভাৰতীয় ক্ৰিকেট দলৰ বাবে পাশুপাত অস্ত্ৰ স্বৰূপ যশপ্ৰীত বুমৰাহ খেলৰ বাবে সম্পুৰ্ণৰূপে প্ৰস্তুত হৈ উঠিব পাৰিলে ই দলটোৰ বাবে এক ডাঙৰ সফলতা হ'ব।

পিঠিৰ অস্ত্ৰোপচাৰৰ পিছত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত বুমৰাহ পুনৰ ভাৰতৰ হৈ খেলপথাৰত নামিব বুলি জনাই মহম্মদ কাইফে। লগতে বিগত সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলে সন্মুখীন হ'বলগীয়া হোৱা বেয়া সময়ৰ বাবে বুমৰাহৰ অনুপষ্ঠিতিও অন্য এক কাৰণ বুলিও উল্লেখ কৰে প্ৰাক্তন খেলুৱৈ গৰাকীয়ে।

ইয়াৰ লগতে আঘাতৰ বাবে দলৰ বাহিৰত থকা শ্ৰেয়াচ আইয়াৰ আৰু কে এল ৰাহুলৰ দৰে প্ৰতিভাৱান খেলুৱৈসকল সুস্থ হৈ ঘূৰি আহিব।ইয়াৰ ফলত ভাৰতৰ বিশ্বকাপ জয়ৰ সপোনৰ দিশে দলটো আৰু অধিক দৃঢ়তাৰে আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰ তথা ২০১১ত বিশ্ববিজয়ী ভাৰতীয় দলটোৰ অংশ মহম্মদ কাইফে।

''ৱেষ্ট ইণ্ডিজৰে পৰাজিত খেলে নিৰ্ণয় নকৰে ভাৰতীয় ক্ৰিকেট দলৰ যোগ্যতা''
শৰাইঘাট দলঙৰ পৰা নদীচ জাঁপ দিলে যুৱকেঃ NDRF,SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in