দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা...

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা...
দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আজি দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত অধীস্থিত হয় | গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখনত আজি সন্থাৰ ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত সৰ্বসন্মতিমৰ্মে মন্ত্ৰী হাজৰীকা দ্বিতীয়বাৰলৈ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয় |

মন্ত্ৰী হাজৰীকাই সভাপতি পদত অধীস্থিত কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত সময়ত সন্থাৰ সকলো সদস্যৰ সহযোগিতাত ৰাজ্যখনৰ টেবুল টেনিচৰ ক্ষেত্ৰখনক শীৰ্ষ পৰ্যায়লৈ আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে |

উল্লেখযোগ্য যে নতুন সমিতি গঠন হোৱাৰ পূৰ্বে আগৰ সমিতিখনৰ অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠকো আজি মন্ত্ৰী পীযুষ হাজৰীকাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় | এই বৈঠকখনত মন্ত্ৰী হাজৰীকাই ৰাজ্যখনত টেবুল টেনিচৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে জিলা পৰ্যায়ত টেবুল টেনিচ খেলৰ বাবে সুন্দৰ পৰিবেশ সৃষ্টি কৰিবলৈ সকলো জিলাতে টেবুল টেনিচ সন্থাৰ জিলা সমিতি গঠন আৰু সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে |

দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা...
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত এঢাপ আগুৱালে চৰাইদেউ মৈদামে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in