বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত এঢাপ আগুৱালে চৰাইদেউ মৈদামে

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত এঢাপ আগুৱালে চৰাইদেউ মৈদামে

ডিজিটেল সংবাদ,চৰাইদেউঃ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত। এডাপ আগবাঢ়িছে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে ৷

শুকুৰবাৰে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমৰযোগে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত ইউনেস্কৰ কাৰিকৰী অৰ্হতা অৰ্জন কৰা বুলি সদৰি কৰাৰ পাছতেই শনিবাৰে চৰাইদেউৰ স্থানীয় দ’ল সংগঠন তথা ব্যক্তি বিশেষে উৎফুল্লিত হৈ পৰিছে ৷

উল্লেখযোগ্য যে আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠন ব্যক্তি বিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেবাদশক কাল ধৰি  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কৰ দ্বাৰা চিনাক্ত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি অহাৰ পাছত ২০১৪ ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত নাম সন্নিৱিষ্ট হৈছিল চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ নাম।

শেহতীয়াকৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে  বিশেষভাৱে  উদ্যোগ লৈ কেন্দ্ৰীয় চৰকাৰ সহযোগত  ইউনেস্কলৈ ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ মনোনয়ন প্ৰেৰণ কৰা হৈছে। 

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত এঢাপ আগুৱালে চৰাইদেউ মৈদামে
টিহুৰ নান্নাট্টাৰীৰ সৰবৰহী মহিলা ভাৰতী দেৱীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in