গুৰুত্বপূৰ্ণ মেচত MI ৰ বেটছমেনৰ দায়িত্বহীন বেটিংঃ CSK ৰ সহজ বিজয়...

গুৰুত্বপূৰ্ণ মেচত MI ৰ বেটছমেনৰ দায়িত্বহীন বেটিংঃ CSK ৰ সহজ বিজয়...
গুৰুত্বপূৰ্ণ মেচত MI ৰ বেটছমেনৰ দায়িত্বহীন বেটিংঃ CSK ৰ সহজ বিজয়...

ডিজিটেল ডেস্কঃ ছন্দ পতন হৈছে মুম্বাই ইণ্ডিয়ানছৰ ! ৫ বাৰৰ চেম্পিয়ন দলটোৱে চলিত আই পি এলত ধৰি ৰাখিব পৰা নাই জয়ৰ ধাৰাবাহিকতা। বিশেষকৈ দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰদৰ্শন এইবাৰ আই পি এলত অতি দুৰ্বল।

কেৱল তেওঁৰ প্ৰদৰ্শনেই নহয়, ক্ৰিকেট বিশেষজ্ঞৰ মতে ৰোহিত শৰ্মাই এইবাৰ মুম্বাই ইণ্ডিয়ানছক সঠিক নিৰ্দেশনাৰে আগুৱাই নিয়াত বিফল হৈছে। ৰোহিতৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।

আজি আই পি এলৰ ৪৯ নম্বৰ মেচখনত মুম্বাই ইণ্ডিয়ানছ মুখামুখী হৈছিল ৪ বাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে। মেচখনত প্ৰথমে বেটিং কৰি আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয়ত ভোগা দলটোৱে মাত্ৰ ১৩৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ধাৰাবাহিক ভাৱে ২০০ ৰো অধিক ৰাণৰ লক্ষ্য অতিক্ৰম কৰা দলটোৰ এই প্ৰদৰ্শনে স্বাভাৱিকতেই সকলোকে নিৰাশ কৰে। মুম্বাইৰ হৈ নেহাল ৱাধেৰাই ৫১ টা বলত ৬৪ ৰাণ কৰাৰ বিপৰীতে সূৰ্য কুমাৰ যাদৱে ২২ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে।

অপেনিং কৰিবলৈ অহা গ্ৰীণ আৰু কিষাণে ক্ৰমে ৬ আৰু ৭ ৰাণ কৰি ক্ৰিজ এৰি পেভিলিয়নলৈ যাবলৈ বাধ্য হয়। ৰোহিত শৰ্মাৰ অৱদান আছিল ৩ টা বলত শূন্য।

একেদৰে টীম ডেভিডৰ প্ৰদৰ্শন আছিল ৪ টা বলত ২ ৰাণ। দলটোৰ এনে বেটিং বিপৰ্যয়ৰ বাবেই ধোনিৰ নেতৃত্বত চি এছ কেয়ে অতি সহজতে মাত্ৰ ১৭ অভাৰ ৪ টা বলত ৬ টা উইকেট হাতত থকাৰ অৱস্থাতে বিজয় সাব্যস্ত কৰে।

চি এছ কেৰ হৈ অপেনিং কৰিবলৈ ঋতুৰাজ গায়কোৱাডৰ বেটৰ পৰা আহে ১৬ টা বলত ৩০ ৰাণ আৰু কনৱেৰ বেটৰ পৰা আহে ৪২ টা বলত ৪৪ ৰাণ। আজিংক্য ৰাহাণেয়ে ১৭ বলত ২১ ৰাণ, ৰায়ডুৱে ১১ বলত ১২ ৰাণ সংগ্ৰহ কৰে।

অপৰাজিত শিৱম ডুবে আৰু ধোনিৰ বেটৰ পৰা আহে ক্ৰমে ২৬ আৰু ২ ৰাণ। চলিত ছিজনৰ প্লে' অফত প্ৰৱেশৰ বাবে আজিৰ এই মেচখনত দুয়োটা দলৰ বাবেই আছিল সমানেই গুৰুত্বপূৰ্ণ।

এই গুৰুত্বপূৰ্ণ মেচখনত শূন্য ৰাণৰে আউট হোৱা ৰোহিতৰ আই পি এল কেৰিয়াৰত এয়া আছিল ১৬ নম্বৰৰ ‘শূন্য’। আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি পইণ্ট টেবুলত চি এছ কেয়ে ১৩ সংখ্যক পইণ্টেৰে দ্বিতীয় স্থানত আছে। আনহাতে মুম্বাই ইণ্ডিয়ানছ আছে ৬ নম্বৰ স্থানত।

গুৰুত্বপূৰ্ণ মেচত MI ৰ বেটছমেনৰ দায়িত্বহীন বেটিংঃ CSK ৰ সহজ বিজয়...
নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in