নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিকৰ মৃত্যু...

নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিকৰ মৃত্যু...
নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নাৰেংগীৰ অইল ইণ্ডিয়াৰ ভিতৰত আজি পুৱা কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিকৰ মৃত্যু হয়। আনহাতে এই ঘটনাত আহত হয় আন এজন শ্ৰমিক।

উল্লেখ্য যে, অইল ইণ্ডিয়াৰ ৩ নম্বৰ গেটৰ চৌহদৰ ভিতৰত বৰিঙৰ কাম কৰি আছিল এই কেইগৰাকী শ্ৰমিকে। হাতত লোহাৰ সঁজুলি লৈ গাত খান্দি থকা শ্ৰমিক কেইজনৰ সেই সঁজুলি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকৰ দল উপস্থিত হৈছিল যদিও তেওঁলোকক প্ৰৱেশত বাধা দিয়ে। ইফালে এই ঘটনাক মৃত্যু হোৱা শ্ৰমিক দুজনৰ পৰিচয়ো অইল কৰ্তৃপক্ষই প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত বিদ্যুৎস্পৃষ্ট হৈ দুই শ্ৰমিকৰ মৃত্যু...
কলাক্ষেত্ৰৰ সন্মুখত একেলগে নেত্ৰদান কৰিব ১৫০ জন ব্যক্তিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in