পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...

প্লে' অফৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ পিছতে সম্বিত ঘূৰাই পালে মুম্বাইৰ মেনেজমেণ্টে
পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...
পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...

ডিজিটেল ডেস্কঃ  আই পি এল-২০২৪ ৰ প্লে’অফত প্ৰৱেশৰ সকলো বাট বন্ধ হ’ল মুম্বাই ইণ্ডিয়ানছৰ। ৫ বাৰৰ চেম্পিয়ন দলটোৰ প্ৰদৰ্শন এইবাৰ অতি দুৰ্বল হোৱা স্বত্বেও অংকৰ হিচাপত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজৰ মেচৰ আগলৈকে প্লে’ অফত প্ৰৱেশৰ সামান্য সম্ভাৱনা আছিল।

কিন্তু মেচখনত যিধৰেণ এল এছ জিক হায়দৰাবাদে পৰাস্ত কৰিলে তাৰ পিছত মুম্বাইৰ সেই আশা নিৰ্বাপিত হৈছে। ৫ বাৰৰ চেম্পিয়ন দলটোৰ অধিনায়ক ৰোহিত শৰ্মাক অধিনায়কৰ পৰা আঁতৰাই গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক দললৈ আনি মুম্বাইৰ মেনেজমেণ্টে অধিনায়ক হিচাপে দায়িত্ব প্ৰদান কৰাৰ পাছৰ পৰাই এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ একো এটা দিশতেই যোগাত্মক প্ৰভাৱ দেখিবলৈ পোৱা নাই।

প্ৰতিখন মেচতেই অনুৰাগী, দৰ্শকৰ ৰোষত পৰিছে অধিনায়ক পাণ্ডিয়া। সমান্তৰালকৈ সমালোচনাৰ সন্মুখীন হৈছে মেনেজমেণ্ট। প্ৰশ্ন উত্থাপন হৈছে পাণ্ডিয়াৰ অধিনায়কত্বক লৈ। এনে পৰিস্থিতিৰ মাজতে খবৰ আহিছে মুম্বাইৰ কেইবাজনো জ্যেষ্ঠ খেলুৱৈ পাণ্ডিয়াক লৈ সুখী নহয়।

চলিত আই পি এলৰ প্ৰথমখন মেচতেই পৰাস্ত হৈছিল মুম্বাই ইণ্ডিয়ানছ। এই পৰ্যন্ত দলটোৱে মুঠ ১২ খন মেচ খেলি মাত্ৰ ৪ খনতহে বিজয়ী হৈছে। ৮ খনেই পৰাস্ত হ’বলৈ বাধ্য হৈছে। প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰাই পাণ্ডিয়াই যিদৰে খেল পথাৰত দলটোক নেতৃত্ব দিছে তাক লৈ সুখী নহয় দলটোৰ একাধিক সদস্য।

খবৰ অনুসৰি প্লে’ অফৰ দৌৰৰ পৰা মুম্বাই বাহিৰ হোৱাৰ পিছতে এতিয়া কেইবাজনো ছিনিয়ৰ প্লেয়াৰে হাৰ্দিকক লৈ প্ৰশ্ন উত্থাপন কৰিছে। দলৰ এইধৰণৰ বিপৰ্যয়ৰ বাবে ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱৰ দৰে ক্ৰিকেটাৰৰ সৈতে আলোচনাত বহিছে মেনেজমেণ্ট।

এই আলোচনাতে দলটোৰ এই বিপৰ্যয়ৰ কাৰণ ব্যাখ্যা কৰা হৈছে। অৱশ্যে মুম্বাই মেনেজমেণ্টৰ এগৰাকী শীৰ্ষ ব্যক্তিয়ে সংবাদ মাধ্যমক জনোৱা অুসৰি এয়া এক তেনেই সাধাৰণ আলোচনা।

দলৰ বিপৰ্যয়ৰ সময়ত এইধৰণৰ আলোচনা হৈয়ে থাকে। ক’ত, কি ভুল হৈছে সেইবোৰ এই বৈঠকতে আলোচনা কৰা হয়। তেওঁৰ মতে যেতিয়া নেতৃত্বৰ পৰিবৰ্তন হয় তেতিয়া এনেধৰণৰ বিপৰ্যয় আহেই। এয়া তেনেই এক সাধাৰণ কথা। ইয়াৰ পূৰ্বেও মুম্বাই ইণ্ডিয়ানছ পৰাস্ত হৈছে।

মুম্বাইৰ মেনেজমেণ্টে এইদৰে গোটেই ঘটনাৰাজিক সৰলিকৰণ কৰিলেও অৱশ্যে এইবাৰৰ বিপৰ্যয়ক যে সাধাৰণভাৱে লোৱা নাই সেয়া নিশ্চিত। কিয়নো হাৰ্দিকক অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক লৈ একেবাৰে সন্তুষ্ট নহয় স্বয়ং দলটোৰ অধিকাংশ খেলুৱৈ। অনুৰাগীৰ সমানে এইসকল ক্ৰিকেটাৰো অসন্তুষ্ট।

ইতিমধ্যে খেল পথাৰৰ মাজতেই তাৰ প্ৰমাণ পোৱা গৈছে। বহু কেইজন তৰুণ ক্ৰিকেটাৰে খেল পথাৰৰ মাজত অধিনায়ক পাণ্ডিয়াক গুৰুত্বহীন কৰি কিদৰে ৰোহিতৰ সৈতে আলোচনাত লিপ্ত হৈছে, পৰামৰ্শ লৈছে সেয়া সকলো ধৰা পৰিছে। আনকি বহু কেইজন ক্ৰিকেটাৰে মুকলিকৈ ৰোহিতৰ অধিনায়কত্বৰ লগতে জ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপে তৰুণ ক্ৰিকেটাৰসকলক আগুৱাই নিয়াত যি দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব পালনত লোৱা ভূমিকাক প্ৰশংসা কৰিছে।

পাণ্ডিয়াক লৈ মুম্বাইৰ বৰঘৰত বিদ্ৰোহঃ ৰোহিত, সূৰ্য, বুমৰাহৰ সৈতে বৈঠক...
আই পি এলৰ মহাৰণত পাঞ্জাৱ বনাম বাংগালুৰু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in