আই পি এলৰ মহাৰণত পাঞ্জাৱ বনাম বাংগালুৰু

Asomiya Pratidin

আই পি এলত আজিৰ খেল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পাঞ্জাৱ কিংছ।

ফাফ ডু' প্লেছি

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক ফাফ ডু' প্লেছি। শেহতীয়া প্ৰদৰ্শন যথেষ্ট উন্নত এইগৰাকী বেটাৰৰ। প্ৰতিপক্ষৰ বলাৰে সদায়ে সমীহ কৰে নিৰ্ভৰযোগ্য বেটাৰগৰাকীক।

ফাফ ডু' প্লেছি

জনী বেয়াৰ্ষ্ট'

জনী বেয়াৰ্ষ্ট ইংলেণ্ডৰ এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ। এইগৰাকী খেলুৱৈ ২০২২চনৰ পৰাই পাঞ্জাৱ কিংছৰ নিয়মীয়া খেলুৱৈ। যিকোনো সময়তে মেচৰ গতি সলাই দিয়াৰ ক্ষমতা এইগৰাকী তাৰকা খেলুৱৈৰ আছে।

জনী বেয়াৰ্ষ্ট'

বিৰাট কোহলি

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলি। আই পি এলৰ সৰ্বাধিক স্ক'ৰাৰ তালিকাত সম্প্ৰতি বিৰাট কোহলিয়ে শীৰ্ষস্থানত উপনীত হৈ কমলা টুপীৰ গৰাকী। সম্প্ৰতি দুৰ্দান্ত ফৰ্মত আছে এইগৰাকী খেলুৱৈ। প্ৰতিপক্ষৰ বাবে সদায়েই মূৰৰ কামোৰণি বিৰাট কোহলি।

বিৰাট কোহলি

প্ৰভিস্মৰণ সিং

পাঞ্জাৱ কিংছৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ প্ৰভিস্মৰণ সিং। বিগত মেচসমূহত তেঁও ইতিমধ্যে প্ৰতিভাৰ উমান দাঙি ধৰিছে।

প্ৰভিস্মৰণ সিং

শশাংক সিং

পাঞ্জাৱ কিংছৰ অন্য এগৰাকী প্ৰতিভাৱান বেটাৰ হৈছে শশাংক সিং। এইগৰাকী বেটাৰে যিকোনো মুহূৰ্ততে নিজৰ বেটিংশৈলীৰে উজলি উঠিব পাৰে। চলিত আই পি এলত এইগৰাকী বেটাৰে ৩১৫ৰান সংগ্ৰহ কৰিছে।

শাশাংক সিং

উইল জেকছ

ইংলেণ্ড জাতীয় দলৰ অন্যতম বেটাৰ উইল জেকছ। প্ৰতিভাৱান বেটাৰগৰাকীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ৬খন মেচ খেলি সংগ্ৰহ কৰিছে ১৭৭ ৰান। এইবাৰ আই পি এলত এইগৰাকী বেটাৰৰ শ্ৰেষ্ঠ ইনিংছ ৭৯ৰান।

উইল জেকছ

দুয়ো দলৰ হেড্-টু হেড্

এতিয়ালৈকে আই পি এলত দুয়োটা দল ৩২খন মেচত মুখামুখি হৈছে। ইয়াৰে বাংগালুৰু ১৫খন মেচত জয়ী হৈছে। বিপৰীতে পাঞ্জাৱে ১৭খন মেচত জয়লাভ কৰিছে।