অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ অন্যতম তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে অষ্টমবাৰৰ বাবে লাভ কৰিলে বেলন ডি অৰ বঁটা। ৩৬ বছৰীয়া মেছি এই পুৰস্কাৰ লাভ কৰা প্ৰথমজন এম এল এছ ভিত্তিক খেলুৱৈ হিচাপে পৰিগণিত হৈছে। মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন খেলুৱৈ ডেভিদ বেকহামে পেৰিছত পুৰস্কাৰ বিজয়ী মেছিক এই বঁটা প্ৰদান কৰে।

উল্লেখ্য যে, সোমবাৰে এই পুৰস্কাৰ লাভ কৰি লিয়নেল মেছি অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ ৰূপে পৰিগণিত হয়। পোন প্ৰথমবাৰৰ বাবে ২০০৯ চনত মেচিয়ে এই বঁটা লাভ কৰিছিল। তাৰ পিছত ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ আৰু ২০২১ চনত মেছিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।

২০২২-২৩ চনত চিটিয়ে ট্ৰেবল জয় কৰাৰ সময়ত ৫২টা গ’ল দিয়া হালেণ্ডে ভোটদানত দ্বিতীয় স্থান দখল কৰি বছৰৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰক দিয়া গেৰ্ড মুলাৰ ট্ৰফী লাভ কৰে।

সোমবাৰে প্ৰদান কৰা আন আন বঁটাত মেছিৰ আৰ্জেণ্টিনাৰ সতীৰ্থ এমিলিয়ানো মাৰ্টিনেজে শ্ৰেষ্ঠ গ’লৰক্ষকৰ বাবে ইয়াছিন ট্ৰফী লাভ কৰে আৰু ইংলেণ্ড আৰু ৰিয়েল মাদ্রিদৰ মিডফিল্ডাৰ জুড বেলিংহামক ২১ বছৰৰ তলৰ বিশ্বৰ শীৰ্ষ খেলুৱৈ হিচাপে কোপা ট্ৰফী প্ৰদান কৰা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ৫ বাৰ এই বঁটা লাভ কৰাৰ বিপৰীতে মিচেল প্লেটিনি, জোহান ক্ৰুইফ আৰু মাৰ্কো ভান বাষ্টেন আটাইকেইজনেই ৩বাৰকৈ এই বঁটা লাভ কৰিছে।

অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in