ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। গুজৰাটত উপস্থিত হৈ নৰ্মদা নদীৰ ওপৰত নিৰ্মিত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী 'ষ্টেচু অৱ ইউনিটিত'ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

গুজৰাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। এই উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। দেশৰ সামৰিক বাহিনীৰ তৰফৰ পৰাও বিভিন্ন প্ৰদৰ্শনী দেখুওৱা হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,  চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে ভাৰতবৰ্ষত ।  ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল।

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী
আজি ৰাষ্ট্ৰীয় একতা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in