এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

author-image
Asomiya Pratidin
New Update
এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

ডিজিটেল ডেস্কঃ হাংজৌ এছিয়ান গেমছত পদক নিশ্চিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। শনিবাৰে অনুষ্ঠিত মহিলা বক্সিঙৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইন্টত পৰাস্ত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰিলে তাৰকা বক্সাৰ গৰাকীয়ে।

Advertisment

এছিয়ান গেমছ-২০২২ৰ কোৱাৰ্টাৰ ফাইনেলত লাভ কৰা এই দৰ্শনীয় জয়ৰ পিছতে  পেৰিছ অলিম্পিক ২০২৪লৈ যোগ্যতা অৰ্জন কৰিলে লৌহ কন্যা লাভলীনাই। ইয়াৰ লগতে এছিয়াডত ভাৰতৰ বাবে বক্সিঙৰ তৃতীয়টো পদক দখল কৰাৰ দিশে আগবাঢ়িছে অপ্ৰতিৰোধ্য খেলুৱৈ গৰাকী।

উল্লেখযোগ্য যে, একেৰাহে দ্বিতীয়বাৰলৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে লাভলীনা বৰগোহাঁইয়ে। এই সভলতাৰ পিছতে একেৰাহে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা খেলুৱৈ পৰিগণিত হ’ল লাভলীনা।

সমান্তৰালভাৱে ভাৰতৰ বাবে এছিয়াডৰ সপ্তম দিনাৰ প্ৰথমটো পদক অৰ্জন কৰে শ্বুটাৰ সৰৱজিত সিং আৰু দিব্যা থাডিগোলে। এয়াৰ পিষ্টল মিক্স টিম ইভেন্টত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় শ্বুটাৰ দুগৰাকী।

Also Read: বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

lovlina borgogain Asian Games 2023