Advertisment

বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

author-image
Asomiya Pratidin
New Update
বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰৰ বৰ্তমানৰ অস্থিৰতাৰ লগতে দুজন ছাত্ৰৰ অমানৱীয় হত্যাকাণ্ডৰ ঘটনা ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হোৱা অভিযোগ এগৰাকী অভিনেতাৰ। মণিপুৰী চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা ৰাজকুমাৰ কাইকু ওৰফে সোমেন্দ্ৰই কেশৰে উক্ত অভিযোগ উত্থাপন কৰি শনিবাৰে বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

Advertisment

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে বিয়লি ৰাজ্যিক ইউনিট পাৰ্টিৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল। কিন্তু ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকলে তেওঁক নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দ অঞ্চলৰ বাসিন্দা কাইকুৱে ২০১৯ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোৱা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পিচত ২০২১ চনৰ নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিছিল।

পদত্যাগৰ সন্দৰ্ভত তেওঁ কয়- 'মোৰ বাবে জনসাধাৰণৰ প্ৰথম অগ্ৰাধিকাৰ আৰু দল দ্বিতীয়। এতিয়া ৪ মাহতকৈ অধিক সময় ধৰি ৰাজ্যখনক হিংসাই আগুৰি ধৰাৰ পাছতো সমাধানৰ বাবে চৰকাৰে এতিয়াও সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা নাই' যাৰ বাবে তেওঁ হতাশ হৈ পৰিছে বুলি উল্লেখ কৰে।

লগতে তেওঁ কয়-‘সঁচা কথা ক’বলৈ গ’লে মই এই ভাবি বিজেপিত যোগদান কৰিছিলো যে দলটোৱে ডাবল ইঞ্জিন চৰকাৰেৰে আমাৰ ৰাজ্যত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব। অৱশ্যে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধীনত পৰ্যটনৰ দৰে বিভিন্ন খণ্ডত পৰিৱৰ্তন আনিলে। এই কথা মনত ৰাখিয়েই মই ভাবিছিলো যে কেন্দ্ৰীয় নেতাসকলে চলি থকা বিষয়টোক লৈ ক্ষিপ্ৰতাৰে কাম কৰিব আৰু সংঘাতৰ অন্ত পেলাব আৰু তেওঁলোকক বিশ্বাস কৰিছিলো।

কিন্তু, কেন্দ্ৰীয় নেতাসকলে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া যেন লাগে আৰু তেওঁলোক জনসাধাৰণৰ প্ৰতিটো আশাৰ বিৰোধী আছিল। গতিকে, মই আমি মৌন হৈ নাথাকি বিৰুদ্ধে মাত মাতিব লাগে। কোনো ৰাজনৈতিক দলৰ অধীনত কাম কৰিলে নিয়ম আছে আৰু আমি কেৱল নিজৰ ইচ্ছামতে কামবোৰ কৰিব নোৱাৰো। গতিকে, মই সিদ্ধান্ত ললো পাৰ্টি এৰি ৰাইজৰ আন্দোলনত যোগদান কৰাটো ভাল হ’ব।' বুলি মন্তব্য কৰে।

Also Read: বিশিষ্ট সমাজকৰ্মী ফুকন কলিতাৰ মৃত্যুত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শোক প্ৰকাশ

manipur actor N Biren singh bjp Rajkumar Kaiku