/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/231fbe2b-2552-4724-ad3a-4703fc674d65/mbape.jpg)
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ অধিনায়ক হিচাপে অভিষেক মেচতে দুৰ্দান্ত প্ৰদৰ্শন এমবাপেৰ। শনিবাৰে নিশা অনুষ্ঠিত হোৱা ইউৰো কাপৰ যোগ্যতা নিৰ্ণয় মেচখনত এমবাপে নেতৃত্বাধীন ফ্ৰান্সে নেদাৰলেণ্ডছক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।
মেচখনত অধিনায়ক এমবাপে দুটাকৈ গ'ল দিয়ে। আনহাতে এমবাপেই এই গ'লৰ দ্বাৰা ফ্ৰান্সৰ হৈ সৰ্বাধিক গ'ল দাতা হিচাপে পৰিণত হয়। তেওঁৰ পূৰ্বে ৩৭ টা গ'লৰে ৰেকৰ্ড গঢ়ি থৈছিল বেনজামাই।
উল্লেখ্য যে অধিনায়ক হিচাপে এমবাপে অভিষেক মেচতে ৰেকৰ্ড গঢ়ে। শনিবাৰৰ এই মেচখনত প্ৰতিপক্ষ নেদাৰলেণ্ডছৰ ভূমিকা সম্পূৰ্ণ নিস্তেজ আছিল। ০-৩ গ'লত পিছপৰা দলটোৱে পাছলৈ কোনো প্ৰত্যাৱৰ্তনৰ সুযোগেই নাপালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us