বক্সিং ৰিঙক বিদায় জনাব মেৰী কমেঃ খেলুৱৈ নহয় তেওঁৰ সন্মুখত প্ৰত্যাহ্বান বয়স...

বক্সিং ৰিঙক বিদায় জনাব মেৰী কমেঃ খেলুৱৈ নহয় তেওঁৰ সন্মুখত প্ৰত্যাহ্বান বয়স...
বক্সিং ৰিঙক বিদায় জনাব মেৰী কমেঃ খেলুৱৈ নহয় তেওঁৰ সন্মুখত প্ৰত্যাহ্বান বয়স...

ডিজিটেল ডেস্কঃ অন্ত পৰিব ভাৰতীয় বক্সিঙৰ এটা যুগ। অনিচ্ছা স্বত্বেও অৱসৰৰ বাবে সাজু হৈছে 'মেগিফিচিয়েণ্ট মেৰী'। বক্সিঙৰ ৰিঙত বিশ্বৰ প্ৰতিগৰাকী বক্সাৰকে ধাৰাসায়ী কৰা কিংবদন্তী বক্সাৰ মেৰীকমৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান হিচাপে থিয় দিছে বয়স।

বয়সৰ ওচৰত হাৰ নামানিলেও মেৰীৰ বাবে বয়সতেই হৈ পৰিছে বাধা। সেয়ে তেওঁ নিয়মমাফিক বক্সিং ৰিঙক বিদায় জনাবলৈ সাজু। বুধবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মেৰীয়ে অৱসৰ লোৱাৰ ইংগিত প্ৰদান কৰিলে।

ডিব্ৰুগড় জিলাৰ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান শিক্ষা ভেলীৰ বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মেৰীয়ে শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে। এই অনুষ্ঠানতে নিজা ভাষণত তেওঁ কয়- মই এতিয়াও খেলিব বিচাৰোঁ। কিন্তু বয়সৰ বাবে মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰাত বাধা আহিছে।

তেওঁ খেলাৰ ইচ্ছা থাকিলেও বাধ্যতামূলক অৱসৰ ল'ব লাগিব বুলিও উল্লেখ কৰে। অৱশ্যে তেওঁ আৰু অধিক সময় খেলিব নোৱাৰিব বাবে সকলোৰে ওচৰত ক্ষমাও বিচাৰিলে।

ভাষণত মেৰীয়ে তৰুণ প্ৰজন্মকো খেলৰ বাবে উৎসাহিত কৰে। তেওঁ শিক্ষাৰ্থীসকলকো দেশৰ বাবে, ৰাজ্যৰ বাবে ক্ৰীড়াৰ জৰিয়তে সন্মান কঢ়িয়াই আনিব লাগিব বুলিও কয়। ইয়াৰ বাবে শিক্ষাৰ্থীসকলক কঠোৰ পৰিশ্ৰমৰ কথা সোঁৱৰাই দিয়ে।

বক্সিং ৰিঙক বিদায় জনাব মেৰী কমেঃ খেলুৱৈ নহয় তেওঁৰ সন্মুখত প্ৰত্যাহ্বান বয়স...
ৰঙিয়াত এপিএছচি উত্তীৰ্ণ মেধাৱী যুৱক-যুৱতীক সম্বৰ্ধনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in