ৰঙিয়াত এপিএছচি উত্তীৰ্ণ মেধাৱী যুৱক-যুৱতীক সম্বৰ্ধনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

ৰঙিয়াত এপিএছচি উত্তীৰ্ণ মেধাৱী যুৱক-যুৱতীক সম্বৰ্ধনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াত বুধবাৰে বিজেপিৰ পূৱপাৰ মণ্ডলৰ উদ্যোগত বৰলীয়া ব্লক মণ্ডল আৰু নগৰ মণ্ডলৰ সহযোগত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। সদ্য ঘোষিত এপিএছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা ২৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়।

বিজেপিৰ পূৱপাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । একোটা শৰাই, এখনি ফুলাম গামোচা আৰু এটি গছপুলিৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক গৰাকীয়ে এপিএছ চি পৰীক্ষাত উত্তীৰ্ণ ২৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক ৰাষ্ট্ৰৰ প্ৰতি সেৱাৰ মনোভাৱ লৈ ৰাইজৰ প্ৰতি সহযোগিতাৰে কাম কৰি যাব বুলি উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।

ইফালে এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিৰ পূৱপাৰ মণ্ডলৰ এটি কাৰ্য্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । একেটা ৰাজহুৱা সভাত কাৰ্য্যালয় মুকলি কৰি বিধায়ক গৰাকীয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ অধিষ্ঠিত কৰিবলৈ উপস্থিত ৰাইজক সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজিৰ এই সভাত একেলগে ৰঙিয়া সমষ্টিৰ বিভিন্ন দল-সংগঠনৰ পৰা অহা প্ৰায় ১০০ৰো অধিক লোকে বিজেপিত যোগদান কৰে ।

ৰঙিয়াত এপিএছচি উত্তীৰ্ণ মেধাৱী যুৱক-যুৱতীক সম্বৰ্ধনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ
কিশোৰীক ধৰ্ষণৰ অপচেষ্টা! ৰাইজে উত্তম মাধ্যম সোধাই গতালে আৰক্ষীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in