মানচেষ্টাৰ ইউনাইটেডৰ বাবে যেন সন্ত্ৰাস হৈ পৰিছে হেৰী মেগুৱাইৰ

মানচেষ্টাৰ ইউনাইটেডৰ বাবে যেন সন্ত্ৰাস হৈ পৰিছে হেৰী মেগুৱাইৰ

ডিজিটেল ডেস্ক : ইংলেণ্ড দলৰ বৰ্তমান সময়ৰ অন্যতম ডিফেণ্ডাৰ হেৰী মেগুৱাইৰ । ইংলেণ্ড দলত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদতে ইংলেণ্ডৰেই ঐতিহাসিক ক্লাব মানচেষ্টাৰ ইউনাইটেডে ৮০ মিলিয়ন ডলাৰৰ অভিলেখ ভংগকাৰী চুক্তিৰে ক্ৰয় কৰিছিল হেৰী মেগুৱাইৰক । ইয়াৰ পূৰ্বলৈ যেন সকলো সুকলমেই চলি আছিল ফুটবলাৰ গৰাকীৰ জীৱনত । ২০১৭-১৮ বৰ্ষত প্ৰিমিয়াৰ লীগৰ শ্ৰেষ্ঠ খেলুৱৈৰো সন্মান লাভ কৰিছিল ডিফেণ্ডাৰ গৰাকীয়ে । কিন্তু তাৰ পাছতেই দুৰ্ভাগ্যই লগ নেৰা হ'ল খেলুৱৈগৰাকীক । যাৰ বাবে এতিয়া মানচেষ্টাৰ ইউনাইটেড আৰু প্ৰিমিয়াৰ লীগৰ ইতিহাসত সৰ্বাধিক আত্মঘাতী গ'ল দিয়া ডিফেণ্ডাৰ হেৰী মেগুৱাইৰ ।

খেলুৱৈগৰাকীৰ প্ৰদৰ্শন আৰু দক্ষতা সন্দৰ্ভত কোনো সন্দেহ নাই ফুটবলপ্ৰেমী ৰাইজৰ । কিন্তু ক্লাবৰ হৈ এনে প্ৰদৰ্শনে দলটিক দুৰ্বল কৰি তুলিছে প্ৰিমিয়াৰ লীগত । কেৱল হেৰী মেগুৱাইৰে নহয় বৰং একালৰ শক্তিশালী গ'লৰক্ষক দেভিড ডি হিয়াও এতিয়া দুৰ্বল । যাৰ বাবে সমস্যাই দেখা দিছে মানচেষ্টাৰৰ সন্মুখত । ইউৰোপা লীগতো একেই দশা ক্লাবটিৰ ।

লীগৰ প্ৰথম খেলত যদি ক্লাবটোৱে অগ্ৰগতি লাভ কৰে, দুৰ্বল সুৰক্ষাৰ বাবে সেই অগ্ৰগতি হেৰুৱাই লীগৰ দ্বিতীয়খন খেলত ।

মানচেষ্টাৰ ইউনাইটেড আৰু ছেভিয়াৰ মাজত অনুষ্ঠিত ইউৰোপা লীগৰ প্ৰথমখনি খেলত মানচেষ্টাৰ ইউনাইটেড ২-০ৰ অগ্ৰগতিত আছিল যদিও লীগৰ দ্বিতীয়খন খেলত হেৰী মেগুৱাইৰ আৰু টাইৰেল মালাচিয়াৰ আত্মঘাতী গ'লেৰে পুনৰ সেই অগ্ৰগতি হেৰুৱাই দলটিয়ে । এনে খেলা অব্যাহত থাকিলে হয়তো শীঘ্ৰেই হেৰী মেগুৱাইৰৰ পৰিৱৰ্তে অন্য খেলুৱৈৰ কথা চিন্তা কৰিব লাগিব ক্লাবটোৱে । কিয়নো এতিয়া মেগুৱাইৰ সম্পদ নহয় বিপদহে...

মানচেষ্টাৰ ইউনাইটেডৰ বাবে যেন সন্ত্ৰাস হৈ পৰিছে হেৰী মেগুৱাইৰ
১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ উদ্বোধন মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in