১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ উদ্বোধন মোডীৰ

১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ উদ্বোধন মোডীৰ

ডিজিটেল ডেস্কঃ অন্ত পৰিল অপেক্ষাৰ। অৱশেষত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম খন এইমছ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। শুকুৰবাৰে চাংসাৰিস্থিত এইমছ(সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান) উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

চাংসাৰিস্থিত এইমছত উপস্থিত হৈয়ে প্রকল্পস্থলী পৰিদৰ্শন কৰে প্রধানমন্ত্রী মোডীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দব্যৰ লগতে বহু নেতা-মন্ত্ৰী।

জানিব পৰা মতে ৭৫০ খন বিচনাযুক্ত এইমছৰ নিৰ্মাণত ব্যয় হৈছে ১১২৩ কোটি টকা। প্ৰকল্পস্থলীৰ কাম-কাজ ইতিমধ্যে ৮৫ শতাংশ সম্পূৰ্ণ হৈছে। আনহাতে ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা এইমছত আৰম্ভ হৈছিল এমবিবিএছ পাঠ্যক্ৰম। শৈক্ষিক কাৰ্যসূচী ১২ জানুৱাৰীতে আৰম্ভ হৈছিল। বৰ্তমান এইমছত ১৯৯ জন শিক্ষাৰ্থী, ৭৮ জন অনুষদ সদস্য, ১২৫ জন নাৰ্চিং বিষয়া আৰু ১২ জন জ্যেষ্ঠ আৱাসী আছে।

এইমছ গুৱাহাটীয়ে ২০২২ চনৰ পৰা টেলিমেডিচিনৰ জৰিয়তে ৰোগীৰ যত্ন সেৱা আৰম্ভ কৰিছে আৰু স্থানীয় বাসিন্দা সকলৰ বাবে সীমিত অপিডি সেৱা উপলব্ধ কৰাই আহিছে।ৰাজ্যবাসীৰ পৰম আকাংক্ষিত গুৱাহাটী এইমছ মুকলিয়ে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰিছে জনতাই।

১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ উদ্বোধন মোডীৰ
সফলতাৰে সামৰণি পৰিল আবাহন থিয়েটাৰৰ নাট্যবৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in