একেটা বছৰতে খিতাপ দখলৰ হেট্ৰিকৰ দিশে মানচেষ্টাৰ চিটি

একেটা বছৰতে খিতাপ দখলৰ হেট্ৰিকৰ দিশে মানচেষ্টাৰ চিটি

ডিজিটেল ডেস্ক : প্ৰিমিয়াৰ লীগত খিতাপ দখল নিশ্চিত হৈ পৰিছে মানচেষ্টাৰ চিটিৰ । সম্পূৰ্ণ ছীজন তালিকাৰ শীৰ্ষত থকা আৰ্চেনালৰ শেষ মুহুৰ্তত ছন্দ পতনে সেই সুযোগ আনি দিলে মানচেষ্টাৰ চিটিৰ হাতলৈ । দ্বিতীয় স্থানত থকা আৰ্চেনালে ইতিমধ্যে ৩৭ খন মেচৰ পৰিৱৰ্তে সংগ্ৰহ কৰিছে ৮১ পইন্ট । আনহাতে, ৩৫ খন মেচ খেলি মানচেষ্টাৰ চিটিয়ে সংগ্ৰহ কৰিলে ৮৫ পইন্ট । ইয়াৰ সৈতেই মানচেষ্টাৰ চিটিৰ প্ৰিমিয়াৰ লীগৰ খিতাপ দখল নিশ্চিত হৈ পৰিল ক্ৰমাগত তৃতীয়টো বৰ্ষৰ বাবে ।

আনহাতে, চেম্পিয়নছ লীগ আৰু এফ এ কাপৰো ফাইনেলত প্ৰৱেশ কৰিছে মানচেষ্টাৰ চিটিয়ে । এই দুটা কাপৰো ফলাফলত মানচেষ্টাৰ চিটিৰ খিতাপ দখল প্ৰায় নিশ্চিত । তেনেস্থলত এটা বছৰতেই তিনিটাকৈ খিতাপ দখল কৰি হেট্ৰিকৰ দিশে মানচেষ্টাৰ চিটি । সম্প্ৰতি যেন অপ্ৰতিৰোধ্য হৈ পৰিছে ক্লাবটি ।

একেটা বছৰতে খিতাপ দখলৰ হেট্ৰিকৰ দিশে মানচেষ্টাৰ চিটি
আজি ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, এই কেইটা ৱেবচাইটযোগে লাভ কৰিব ফলাফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in