ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে সহজ জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ

দলৰ হৈ অধিনায়ক কে এল ৰাহুলে ৩৫ আৰু ক্ৰুণাল পাণ্ডিয়াই ৩৪ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়

author-image
Asomiya Pratidin
New Update
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে সহজ জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ

ডিজিটেল ডেস্কঃ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত ধৰাশায়ী ছানৰাইজাৰ্ছ হায়দৰাবাদ। শুকুৰবাৰে একনা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰতিপক্ষৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১২১ ৰানতে ইনিংছ সামৰে।

Advertisment

প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অ'ভাৰত ৮টা উইকেট হেৰুৱাই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক বিজয়ৰ বাবে ১২২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত কে এল ৰাহুল নেতৃত্বাধীন দলটোৱে জয়ৰ বাবে সহজ লক্ষ্য অনুসৰণ কৰি ১৬ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ১২৭ ৰান কৰি বিজয়ী হয়।

দলৰ হৈ অধিনায়ক কে এল ৰাহুলে ৩৫ আৰু ক্ৰুণাল পাণ্ডিয়াই ৩৪ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। আনহাতে বলিঙতো অলৰাউণ্ডাৰ পাণ্ডিয়াই ৩টা উইকেট দখল কৰে।

Also Read: বিহুৰ স্বাভিমান গো-ধনৰ বিলুপ্তিয়ে কিমান দিনলৈ ৰাখিব পাৰিব ?

IPL 2023 LSG VS SRH