বিহুৰ স্বাভিমান গো-ধনৰ বিলুপ্তিয়ে কিমান দিনলৈ ৰাখিব পাৰিব ?

বিহুৰ স্বাভিমান গো-ধনৰ বিলুপ্তিয়ে কিমান দিনলৈ ৰাখিব পাৰিব ?
বিহুৰ স্বাভিমান গো-ধনৰ বিলুপ্তিয়ে কিমান দিনলৈ ৰাখিব পাৰিব ?

চৌপাশে এতিয়া ঢোল,পেপা, গগণাৰ মাত। ১৪ এপ্ৰিলৰ ব'হাগ বিহুৰ দিনা সৰুসজাইত বিহু নচাৰ প্ৰস্তুতিয়ে গাঁৱে-ভূঞে নগৰে-চহৰে আনি দিছে বিহুৰ নতুন উচাহ। কিয়নো বিহু প্ৰতিষ্ঠা হ'ব বিশ্ব দৰবাৰত। কিন্তু ইয়াৰ মাজতে এখন সম্পূৰ্ণ বিপৰীত ছবি সকলোৰে বাবে যেন উপেক্ষিত। পথাৰ, ভঁৰাল উদং হৈছে, গো-ধন হেৰাবলৈ ধৰিছে। সেয়েহে ব'হাগৰ মূল বিহু গৰু বিহুক লৈ নাই কাৰো উৎসাহ। অসমীয়াৰ স্বাভিমানৰ এই কৰুণ বাস্তৱক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

বিহু অসমীয়াৰ মান, প্ৰাণ, স্বাভিমান। ব'হাগ আহিলেই প্ৰায়সকল অসমীয়াৰ মুখত উচ্চাৰিত হয়, এইশাৰী বাক্য। বিশেষকৈ নগৰ-চহৰত বাস কৰা কৃষ্টি, সাহিত্য, সংস্কৃতিৰ সৈতে জড়িত বৌদ্ধিক শ্ৰেণীটোৱেই পৰম্পৰাগতভাৱে সদায় এই কথা দোহাৰি আহিছে।

ব'হাগ মানেই বিহু, কুলিৰ মাত, গছ-লতিকাৰ কুঁহিপাত। কেৱল সেয়াই নহয়, বিহুৰ বতৰ মানেই বিহুৱা নাচনীৰ গা সাতখন-আঠখন কৰা এক জাতীয় উন্মাদনা। গীতসমূহত তাঁতৰশালৰ মাকোঁ, নাচনী জৰি, দোৰপতি, গামোচা, মেখেলা-চাদৰৰ তাঁতবাতি আদি সামগ্ৰীসমূহৰ বৰ্ণনাৰ মন হৰি নিয়া শব্দৰ সমাহাৰ।

এতিয়াও ব'হাগ আহিছে। এইবাৰ ব'হাগত চৰকাৰৰ উদ্যোগত অসমৰ জাতীয় নৃত্য ৰূপেৰে স্বীকৃত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যাপক প্ৰস্তুতি চলি আছে। ১৪ এপ্ৰিলত সৰুসজাইত প্ৰায় ১২ হাজাৰ নাচনী, ঢুলীয়াই একেলগে বিহু নাচি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি এই জাতীয় নৃত্যক চিৰদিনৰ বাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা সঁচাকৈয়ে আদৰণিয়।

চৰকাৰী এই প্ৰচেষ্টাই সমগ্ৰ ৰাজ্যখনৰ জনতাক বিহু নৃত্যৰ মান্যতা সন্দৰ্ভত নতুনকৈ সচেতন কৰি তোলাৰ বাবে গাঁৱে-ভূঞে, নগৰে-চহৰে সকলোতে যোৱা এমাহ ধৰি শিশু, কিশোৰ, ডেকা-গাভৰু আনকি বুঢ়া-বুঢ়ীৰ মাজতো চলিছে বিহু নাচৰ আখৰা। সমানে চলিছে হুঁচৰি গোৱাৰ প্ৰস্তুতিও।

ধাৰণা কৰা হৈছে, সুদীৰ্ঘ কালৰ বিৰতিৰ পাছত এইবাৰ বিহুৱা দলৰ গীত-নাচ, হুঁচৰিয়ে সমগ্ৰ অসমীয়া সমাজক বিঢৌত কৰিব। কিন্তু দুখলগা কথাটো হ'ল ব'হাগ বিহুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰ্বটো আছিল গৰু বিহু। কাৰণ অসমীয়াৰ বাবে সৌ সিদিনালৈকে আছিল গৰুৱেই পৰম ধন। 'যাৰ নাই গৰু সি সবাতোকৈ সৰু।'

অৰ্থাৎ কৃষি প্ৰধান ৰাজ্যখনত গো-মাতা পূজনৰ পূৰ্বৰে পৰাই গো-ধনৰ পূজনেৰে আৰম্ভ হৈছিল আমাৰ ব'হাগ, আমাৰ বসন্ত, আমাৰ বিহু আৰু উৰ্বৰ ভূমিৰ কৃষি কৰ্ম। যাৰ বাবেই অসমৰ কৃষকে সকলোৰে সন্মুখত মূৰ তুলি থিয় দিব পাৰিছিল আৰু কাৰো ওচৰত হাত নপতাকৈ বিনামূলীয়া চাউল, দাইলৰ বাবে চৰকাৰী আঁচনিলৈ বাট নোচোৱাকৈ সংসাৰ চলোৱা, ল'ৰা-ছোৱালী পঢ়োৱা, ঘৰ বনোৱা আদিকে ধৰি সকলো যোগাৰ কৰি ল'ব পাৰিছিল।

সেই বাবেই অসমীয়াৰ মনত গো-ধনেই আছিল পৰম ধন। ব'হাগ বিহুৰ গীত-মাত, উৎসৱৰো মূল উদ্দেশ্য আছিল কৃষিকৰ্মৰ বাবে ডেকা-গাভৰু প্ৰমুখ্যে পৰিয়ালৰ সকলো সাজু হৈ উঠা। এতিয়া পিছে সেই দিন নাই।

পূৰ্বৰ দৰে এতিয়া বিহু অহাৰ বতৰত ঘৰে ঘৰে গৰুৰ বাবে তৰা গছৰ আঁহ দিয়া পঘা, গলজৰি, নাকি আদি বনোৱাৰ দৃশ্য এতিয়া অতি ভিতৰুৱা গাঁৱতো পাবলৈ নায়। পথাৰ উদং, ভঁৰাল উদং। বহুততে গোহালি নায়েই। সেই বাবেই চোৰপঘা, মনিজৰি, নাকি, তৰা গছ, মাখিয়তি, দীঘলতি, গৰু নোওৱা হালধি, মাহ আদি গোটোৱাৰ বাবে নাই কাৰো আগ্ৰহ।

পূৰ্বে গৰু বিহু দিনা জাক জাক গৰু লৈ পুৱাই নৈৰ পাৰলৈ ওলাই গৈছিল ৰাইজ। মূৰত তেল দি মাহ-হালধি সানি, বাঁহৰ চাটবাৰিত সিঁ-লোৱা লাও, অসমীয়া বৰ বেঙেনা, বৰ ঠেকেৰা, তিতা কেৰেলা, হালধি আদি গাত চটিয়াই 'লাও খা, বেঙেনা খা, বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু তই হবি বৰ গৰু'- আদি গায় গৰু মোকলাই দিয়াৰ পাছতহে সকলোৱে ঘৰত জা-জলপান খাইছিল।

গো-ধনক নোওৱাৰ পাছত ৰৈ যোৱা কেঁচা হালধি, মাহ পিহনাত পিহা গুড়ি আৰু সৰিয়হৰ তেলৰ মিশ্ৰণ সকলোৱে নিজৰ দেহত সানি গো-ধনৰ আশীষ লৈহে মানুহ বিহু পাতিছিল ১ ব'হাগৰ দিনা। এই কথাই স্পষ্ট কৰি দিয়ে অসমৰ চহা তথা গ্ৰাম্য অৰ্থনীতিত সৰ্বাধিক গুৰুত্বপূৰ্ণ আছিল গো-ধন। কিন্তু আজি সেই দিন নাই। বিহুৰ নৃত্য, গীত আৰু নামি-দামী 'ছিংগাৰ'ৰ নৃত্য, গীতত নিমগ্ন হৈ থকাৰ মাজতেই লাহে লাহে হেৰাই যাবলৈ ধৰিছে নাঙল, মৈ-টকা, যুঁৱলি, স'লমাৰি, গৰু গাড়ী, মৰণা মুখুৰা আদিৰ গুৰুত্ব।

ইয়াৰ কাৰণ প্ৰযুক্তিৰ প্ৰগতিয়ে আনি দিয়া ট্ৰেক্টৰ, পাৱাৰটিলাৰেই নহয়। চৰকাৰে খেতি কৰিবলৈ দিয়া ট্ৰেক্টৰে এতিয়া ঠিকাদাৰৰ মাতি কাটে। ঘাইপথৰ দাঁতিত থকা ধাননী পথাৰবোৰত মাৰোৱাৰী, বণিয়াই পোতা শিলৰ খুঁটা। উদং পথাৰত ,দূৰ-দূৰণিলৈ নাই ধাননি। সকলো কেৱল চননি।

ৰাজনৈতিক পৰিৱৰ্তনৰ যেতিয়া ধুমুহা আৰম্ভ হৈছিল অসমলৈ আহি উদ্দাত্ত কণ্ঠৰে এতিয়াৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল দেশৰ ঈশান কোণৰ এই অষ্টলক্ষ্মীক কৃষি উৎপাদনৰ জৰিয়তে বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰা হ'ব। সেই মতে বিভিন্ন চৰকাৰী আঁচনিৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু যিবোৰ চৰকাৰী আঁচনি নোহোৱাকৈয়ে অসমৰ কৃষকে এক শক্তিশালী অৰ্থনীতিৰ ভেঁটি গঢ়ি তাৰ ওপৰত দপদপাই আছিল, এতিয়া সেই একেখন ৰাজ্যৰ লাখ লাখ লোকে চৰকাৰৰ বিনামূলীয়া চাউলৰ বাবে আশা পালি থাকে।

আমাৰ চৰকাৰেও হিতাধিকাৰীৰ সংখ্যা দিনে দিনে বঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দি ইয়াক চৰকাৰৰ বিশেষ সফলতা বুলি দাবী কৰে। সৌ-সিদিনালৈকে অসমত আছিল ২৫ লাখৰো অধিক কৃষক। তেওঁলোকে প্ৰায় ৩০ লাখ হেক্টৰ কৃষি ভূমিত খেতি কৰিছিল। কেৱল ধানেই উৎপাদন হৈছিল ৬০ লাখ মেট্ৰিক টন।

যি ধান এফ চি আইয়ে নিকিনাৰ বাবে হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰিছিল। এতিয়া ধান, মৰাপাট, সৰিয়হ, কুঁহিয়াৰ একো নাই। প্ৰতিবাদ কৰিবলৈ কৃষকো নাই। বানে উটুৱাই নিয়া পথাৰক লৈ কাৰো বেদনা নাই। কাৰণ সেইবোৰ পথাৰ এতিয়া বণিয়াক বেছি দামত বেছিব পৰা অপেক্ষাৰত সকলো কৃষক। অসমৰ ভৱিষ্যতৰ বাবে এইয়া ভয়ংকৰ অশনি সংকেত।

এটা সময় আছিল ২০১৯ চনলৈকে, অসমত মতা-মাইকী গৰু মিলি আছিল ১ কোটি ৯০ লাখ পশু ধন। ছাগলী আছিল ৬১ লাখ। ম'হ আছিল প্ৰায় ৫ লাখ। ভেৰা ছাগলী আছিল ৫ লাখ। এয়া আমি দিয়া হিচাপ নহয়, চৰকাৰৰ হিচাপ । আজিৰ তাৰিখত চৰকাৰী হিচাপ মতেই এতিয়া গৰুৰ সংখ্যা ১ কোটি ৯ লাখ। ম'হৰ সংখ্যা ৪ লাখ। ছাগলীৰ সংখ্যা এতিয়া ৪৩ লাখ।

অৰ্থাৎ দ্ৰুত হাৰত হ্ৰাস পাব ধৰিছে পশুধনৰ সংখ্যা। অৱশ্যে লখিমপুৰ, গোলাঘাট, ধেমাজি আদিত উদ্বেগজনকভাৱে গো-ধন হ্ৰাস পোৱা নাই। কিন্তু শোণিতপুৰ জিলাত ৪৮ শতাংশ, হাইলাকান্দিত ৩১ শতাংশ, কৰিমগঞ্জত ৩১ শতাংশ, নগাঁও জিলাত ২৭ শতাংশ, কামৰূপ জিলাত ২৬ শতাংশ, বৰপেটাত ২৪ শতাংশ, কাৰ্বি আংলঙত ১২ শতাংশ, যোৰহাটত ৬ শতাংশ গো-ধনৰ পৰিমাণ হ্ৰাস পাইছে।

গো-ধনক পৰম ধন জ্ঞান কৰা আৰু ব'হাগ বিহুৰ বতৰত আমাৰ উপাস্য দেৱতাৰ স্থান লোৱা গো-ধনৰ বৰ্তমানৰ এই ছবিখনে ব'হাগ বিহুক, বিহু উৎসৱক, মান- প্ৰাণ, স্বাভিমান বুলি গণ্য কৰা অসমীয়াৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে এয়া এক ভাবিব নোৱাৰা বিপৰ্যয়ৰ বতৰা। সমগ্ৰ দেশত গো-মাতা পূজনৰ কথা চলিলেও অসমৰ গো-ধনৰ বাবে এতিয়া আহাৰেই নাই।

সেয়ে 'গো-ধন পৰম ধন', 'যাৰ নাই গৰু সি সবাতোকৈ সৰু' আদি কথাবোৰ অপ্ৰাসংগিক হৈ পৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ গ্ৰমীণ অৰ্থনীতিও যে সম্পূৰ্ণৰূপে বিধ্বস্ত হ'বলৈ গৈ আছে, সেই বেদনাদায়ক ছবিখনো বিহুক বিশ্ব দৰবৰাত প্ৰতিষ্ঠা কৰাৰ ব্যাপক প্ৰস্তুতি কৰাৰ সময়তে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে।

বিহুৰ স্বাভিমান গো-ধনৰ বিলুপ্তিয়ে কিমান দিনলৈ ৰাখিব পাৰিব ?
বিচাৰিছিল ৩ হাজাৰ ৩৮ কোটি, দিলে ৮৯৯ কোটিঃ কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in