মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ জয়লাভ

পৰৱৰ্তী মেচত লাভলীনাই জয়লাভ কৰিলেই পদক লাভৰ বাট মুকলি হ'ব

author-image
Asomiya Pratidin
New Update
ইতিহাস ৰচিলে লাভলীনাইঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁইৰ চমকপ্ৰদ জয়লাভ। সোমবাৰে ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ ভানেছা অৰ্টিজক পৰাস্ত কৰে।

Advertisment

অসম কন্যা লাভলীনাই বিপক্ষ অৰ্টিজক ৫-০ত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই মেচখনত তেওঁ বিপক্ষ বক্সাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

মেচৰ অন্তত টকঅ' অলিম্পিকৰ ব্ৰঞ্জ জয়ী লাভলীনাই কয় যে এই জয়ে তেওঁৰ আত্মবিশ্বাস বঢ়াই তুলিব। আনহাতে তেওঁ মেচৰ পূৰ্বে প্ৰস্তুত কৰা ৰণনীতি অনুসৰি খেলিব পৰাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে পৰৱৰ্তী মেচত লাভলীনাই জয়লাভ কৰিলেই পদক লাভৰ বাট মুকলি হ'ব।

Also Read: প্ৰত্যাৱৰ্তন কৰিয়েই ধিং এক্সপ্ৰেছৰ স্বৰ্ণপদক দখল

lovlina borgohain