
ডিজিটেল ডেস্কঃ পুনৰ ছন্দলৈ উভতিল ধিং এক্সপ্ৰেছ হিমা দাস। দীৰ্ঘ বিৰতিৰ মূৰত প্ৰত্যাৱৰ্তন কৰিয়েই দখল কৰিলে স্বৰ্ণপদক।
কেৰেলাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৱান এথলেটিকছৰ ২০০ মিটাৰ শাখাত দৌৰি হিমাই লাভ কৰে সোণৰ পদক। উল্লেখ্য যে, ৫ গৰাকী খেলুৱৈৰ মাজত হৈছিল ফাইনেল খেলখন।
খেলখনত ২৩.৭৯ ছেকেণ্ডৰ ভিতৰত হিমাই ৰাউণ্ড সম্পূৰ্ণ কৰি এই পদক দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। এছিয়ান গেমছৰ প্ৰাকক্ষণত হিমাই ছন্দ ঘূৰাই পোৱাটো এক আশাৰ বতৰা কঢ়িয়াই আনিছে।