ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...

ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...
ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি অসমত উপস্থিত হ'লহি লাভলীনা বৰগোহাঁই। আজি গুৱাহাটী লোকপ্ৰিয়ন গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে লাভলীনা বৰগোহাঁইক অসম এমেচাৰ বক্সিং সন্থাই তেওঁ উষ্ম আদৰণি জনায়।

সদ্য সমাপ্ত প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি স্বৰ্ণ জয় কৰা লাভলীনাক গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰেও অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁ এই বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন ৰৰে।

বিয়লি হোটেল গ্ৰীণউড হোটেলত অসম এমেচাৰ বক্সিং সন্থাই লাভলীনালৈ আগবঢ়ায় সম্বৰ্ধনা। সন্থাই তেওঁক জাপি, গামোচা, ফুলৰ থোপা আদৰে এই সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত লাভলীনাই তেওঁৰ অভিজ্ঞতাৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। বিগত কমনৱেলথ গেমছত লাভলীনাই পৰাজয়বৰণ কৰোতে ৰাজ্যৰ একাংশ লোকে তেওঁক সমালোচনা কৰাৰ বিষয়টো উল্লেখ কৰি কয়, নেতিবাচক কথাবোৰ তেওঁ ইতিবাচক হিচাপে গ্ৰহণ কৰিছে।

ঘৰৰ ল'ৰা-ছোৱালীয়ে পৰীক্ষাত উত্তীৰ্ণ নহ'লে যিদৰে খং কৰে তেনেদৰে অসমৰ ৰাইজেও হয়তো তেনেকৈয়ে খং কৰিছিল। সেইবুলি অসমৰ ৰাইজৰ মৰম তেওঁৰ প্ৰতি কমি যোৱা নাই ।

লাভলীনাই কয়, তেওঁৰ পৰা অসমৰ ৰাইজৰ প্ৰত্যাশ্যা বহুত। সেয়ে তেওঁ পৰৱৰ্তী অলিম্পিকত যাতে স্বৰ্ণ পদক অৰ্জন কৰিব পাৰে তাৰ বাবে আশীৰ্বাদ বিচাৰিলে। ইফালে লাভলীনাৰ এই সফলতাত উৎফুল্লিত অসম এমেচাৰ বক্সিং সন্থা।

৬৫ খন দেশৰ বক্সাৰৰ মাজত লাভলীনা জলিকি উঠাৰ কথা দোহাৰি লাভলীনাক লৈ গৌৰৱান্বিত বুলিও মন্তব্য কৰে অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হেমন্ত কলিতাই।

লাভলীনাৰ এই সফলতাৰ পাছতে অসম চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছিল। মন কৰিবলগীয়া যে অসম চৰকাৰে লাভলীনাৰ প্ৰশিক্ষণৰ বাবে মাহে ২ লাখকৈ টকা আগবঢ়ায় আহিছে।

পৰৱৰ্তী অলিম্পিক পৰ্যন্ত লাভলীনাই এই ধন লাভ কৰিব। আনহাতে লাভলীনাই যাতে পৰৱৰ্তী অলিম্পিত স্বৰ্ণ জয় কৰিব পাৰে তাৰ বাবে তেওঁ প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল।

বৰ্তমান এগৰাকী প্ৰশিক্ষকৰ তত্বৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা লাভলীনাই আৰু এগৰাকী প্ৰশিক্ষ বিচাৰি কৰা আৱেদন গ্ৰহণ কৰিছে অসম চৰকাৰে। এই কথা জনাইছে অসম ক্ৰীড়া সঞ্চালক নিৱেদন দাস পাটোৱাৰীয়ে।

লাভলীনাক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক তথা অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড০ সঞ্জীৱ নাৰায়ণ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, অসম বক্সিং সন্থাৰ সভাপতি কমল গয়াৰী, বিজেপিৰ মুখপাত্র কল্যাণ গগৈ আদি।

ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...
সপ্তাহজোৰা ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপনৰ শুভাৰম্ভণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in