সপ্তাহজোৰা ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপনৰ শুভাৰম্ভণি...

সপ্তাহজোৰা ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপনৰ শুভাৰম্ভণি
সপ্তাহজোৰা ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপনৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ দিল্লীঃ ভাৰত চৰকাৰে ৫ এপ্ৰিলৰ ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচী হাতত লৈছে। এই উপলক্ষে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেখেতৰ ৱেইষ্টক'টত 'প্রথম মাৰ্চণ্ট নেভি ফ্লেগ' পিন কৰি দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শুধাংশ পন্ত প্ৰমুখ্যে উচ্চপদস্থ বিষয়াৰ উপস্থিতিত সোণোৱালে প্রধানমন্ত্ৰীক এটা স্মাৰকো প্ৰদান কৰে।

চৰকাৰে ৩০ মাৰ্চৰপৰা ৫ এপ্ৰিললৈ ৰাষ্ট্ৰীয় সামুদ্রিক সপ্তাহৰ আয়োজন কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতৰ নাবিকসকলে পালন কৰা অনৱদ্য ভূমিকাই বিশ্বব্যাপী যোগান শৃংখলা কাৰ্যকৰী কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ সাগৰৰ এই অখ্যাত নায়কসকলৰ সেৱাসমূহ এই ৰাষ্ট্ৰীয় সামুদ্রিক সপ্তাহত উদযাপন কৰা হ'ব।

তেওঁ কয়, আমাৰ গতিশীল প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন্ত্ৰালয়ৰ এই প্ৰচেষ্টাক উদগনি যোগোৱাৰ বাবে আমি অপৰিসীম আনন্দ আৰু সন্মানিত অনুভৱ কৰিছোঁ। এই সপ্তাহজোৰা উদযাপনৰ আৰম্ভণি উপলক্ষে তেখেতৰ পোছাকত দেশৰ প্ৰথমখন মার্চেণ্ট নেভি পতাকা পিন কৰি আমি আনন্দ অনুভৱ কৰিছোঁ।

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ উদযাপনে দেশৰ বিশাল সামুদ্রিক ঐতিহ্য আৰু সুযোগ- সম্ভাৱনাক ত্বৰান্বিত কৰিব। সেয়েহে উক্ত খণ্ডৰ সৈতে জড়িত সকলোকে ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ সপ্তাহজোৰা উদযাপনত অংশীদাৰ হ'বলৈ আন্তৰিক আহ্বান জনাইছোঁ।"

এই দিৱসৰ সৈতে সংগতি ৰাখি মন্ত্ৰালয়ে নাবিকসকলৰ সেৱা আৰু সংশ্লিষ্ট আন যিকোনো ব্যক্তিৰ সেৱাক স্বীকৃতি দিব। লগতে সামুদ্রিক খণ্ডত উৎকৃষ্ট প্ৰদৰ্শন কৰা বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান কৰিব।

ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসত চৰকাৰে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত দেশৰ হকে প্ৰাণ দিয়া নাবিকসকলৰ স্মৃতিসৌধসমূহতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷

সপ্তাহজোৰা ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপনৰ শুভাৰম্ভণি
কটহগুৰি সমবায় সমিতিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in