এছিয়ান গেমছত ৰূপৰ পদক অসম কন্যা লাভলীনা বৰগোহাঁইৰ

বিশ্ববাসীৰ আগত আকৌ এবাৰ অসমৰ নাম উজ্বলালে ৰিঙৰ ৰাণী লাভলীনাই।

author-image
Asomiya Pratidin
New Update
এছিয়ান গেমছত ৰূপৰ পদক অসম কন্যা লাভলীনা বৰগোহাঁইৰ

ডিজিটেল ডেস্কঃ বিশ্ববাসীৰ আগত আকৌ এবাৰ অসমৰ নাম উজ্বলালে ৰিঙৰ ৰাণী লাভলীনাই। চীনৰ প্ৰতিদ্বন্দী লি কিউয়ানৰ বিপৰীতে এছিয়াডৰ ৰিঙত নামি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল অসম কন্যাগৰাকীয়ে। বুধবাৰে ১.১৫ বজাত ৰিঙত নামিছিল লাভলীনা বৰগোহাঁইয়ে।

উল্লেখ্য যে, এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল লাভলীনাই। মঙলবাৰৰ দিনটোত লাভলীনাই থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈ এছিয়ান গেমছৰ বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আৰু ইয়াৰ সমান্তৰালভাবে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল অসম কন্যাগৰাকীয়ে।

আজিৰ এই সফলতা অৰ্জন কৰাৰ লগে লগে লাভলীনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নিজৰ পদকৰ তালিকাত সংযোজিত কৰিলে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিক পদক খিতাপৰ লগতে এছিয়ান গেমছৰ ৰূপৰ পদকৰ খিতাপ। তেওঁৰ এই সফলতাত উৎফুল্লিত দেশবাসীয়ে এতিয়া কামনা কৰিছে লাভলীনাৰ "ডেষ্টিনেচন পেৰিছ"য়েও লাভ কৰক সফলতা।

Also Read: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ"

lovlina borgohain Asian Games 2023