শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ"

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এক নাট্যানুষ্ঠানৰ।

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ"

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এক নাট্যানুষ্ঠানৰ। ৰাগিণী প্ৰডাকচনে সঞ্জীৱ মহন্তৰ সোঁৱৰণিত আয়োজন কৰা এই নাট্যানুষ্ঠান অনুষ্ঠিত হ'ব ১৩ অক্টোবৰ, ২০২৩তাৰিখে সন্ধিয়া ৬ বজাত।

Advertisment

উল্লেখ্য যে, নাট্যানুষ্ঠানটিত প্ৰদৰ্শিত হ'ব "বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ" নামৰ নাটখনি। নাটখনিৰ সামগ্ৰিক পৰিকল্পনা প্ৰযোজনা অলকা বৰুৱাৰ আৰু নাটখনি পৰিবেশন কৰিব নাট্য-বীথিকাৰ শিল্পীসকলে।

আনহাতে নাটখনিৰ নাম ভূমিকাত আছে ডাঃ আলেখ্য বৰুৱা আৰু প্ৰভাত গোস্বামী। নাটখনিৰ পৰিচালনা কৰিছে স্মিতা বৰ্মন আৰু সহ-পৰিচালনাত আছে কৃষ্ণাকল্যাণী।

Also Read: "ৰাঘৱ" প্ৰচাৰত ব্যস্ত যতীন-নিশিতা

নাটক