৪ অভাৰ বল কৰি এটাও ৰাণ নিদিয়াকৈ ৩ উইকেটঃ লকি ফাৰ্গুছনৰ অনন্য অভিলেখ

৪ অভাৰ বল কৰি এটাও ৰাণ নিদিয়াকৈ ৩ উইকেটঃ লকি ফাৰ্গুছনৰ অনন্য অভিলেখ
৪ অভাৰ বল কৰি এটাও ৰাণ নিদিয়াকৈ ৩ উইকেটঃ লকি ফাৰ্গুছনৰ অনন্য অভিলেখ
Published on
Updated on

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত সৃষ্টি হ’ল এক অবিশ্বাস্য ইতিহাস। এই ইতিহাস যে আগন্তক সময়ত কোনোবাই ভংগ কৰিব পাৰিব সেয়া হয়তো আজিৰ তাৰিখত কোৱাটো অসম্ভৱ।

 নিউজিলেণ্ডৰ বলাৰ লকি ফাৰ্গুছনে আজিৰ এখন মেচত চাৰি অভাৰ বল কৰি এটাও ৰাণ ব্যয় নকৰাকৈ তিনিটা উইকেট দখল কৰিছে। প্ৰতিযোগিতাখনৰ গুৰুত্বহীন আজিৰ এই মেচখনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিছিল পাপুৱা নিউ গিনিয়ে।

এই মেচখনতে লকি ফাৰ্গুছনে অসম্ভৱ যেন লগা এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। মেচখনত  ফাৰ্গুছনৰ এটাও বল খেলিব নোৱাৰিলে পাপুৱা নিউ গিনিৰ বেটছমেনে।ইয়াৰ বিপৰীতে তেওঁ অৰ্জন কৰিলে ৩ টাকৈ উইকেট।

ফাৰ্গুছনৰ এই স্বপ্নৰ স্পেলৰ চিকাৰ হয় পাপুৱা নিউ গিনিৰ আছাদ ভালা, চাৰ্লছ আমিনি আৰু ছোপাৰ। উল্লেখ্য যে, মেচখনৰ পঞ্চম অভাৰত নিউজিলেণ্ডৰ অধিনায়ক টীম ছাউদিয়ে বল তুলি দিয়ে ফাৰ্গুছনৰ হাতত।

প্ৰথম অভাৰৰ প্ৰথম বলটোতে তেওঁ লাভ কৰিলে উইকেট। প্ৰথম অভাৰত এটা উইকেট আৰু মেইডিন। তাৰ পিছত তেওঁৰ পৰৱৰ্তী অভাৰত তেওঁ এল বি ডব্লিউ কৰে চাৰ্লছ আমিনিক। আনহাতে ব’ল্ড কৰে ছোপাৰক।

ইয়াৰ লগে লগে লকি ফাৰ্গুছন হৈ পৰে এক অনন্য ৰেকৰ্ডৰ অধিকাৰী। টি-২০ বিশ্বকাপত ৪ অভাৰ বল কৰি ৪ অভাৰেই মেইডেন আৰু ৩ টা উইকেট। ফলত মেচখনত তেওঁৰ ইকনমি হয় ০। ফাৰ্গুছনৰ এনে দুৰ্দান্ত বলিঙত পাপুৱা নিউ গিনিয়ে ১৯.৪ অভাৰত ৭৮ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

৪ অভাৰ বল কৰি এটাও ৰাণ নিদিয়াকৈ ৩ উইকেটঃ লকি ফাৰ্গুছনৰ অনন্য অভিলেখ
ওদালগুৰিত অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in