ওদালগুৰিত অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ...

ওদালগুৰিত অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ...

ওদালগুৰিত অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি পুনৰ ওদালগুৰিত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ। ওদালগুৰি আৰক্ষীৰ এটা বৃহৎ দলে চলোৱা অভিযানত আৰক্ষীয়ে এটা এ.কে ছিৰিজৰ ৰাইফল, এটা মেগজিনসহ ৬৬৮ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

Advertisment

ঘটনা সন্দৰ্ভত আৰক্ষীৰ দলটোৱে দুজন লোককো গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে বিগত কিছুবছৰ পূৰ্ৱে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত এনেদৰে উদ্ধাৰ হৈছিল অবৈধ মাৰণাস্ত্ৰ।

কিন্তু অজি বহুদিন পিছত পুনৰ এনেদৰে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ হোৱা লোক দুজনক সোধাপোচা অব্যাহত ৰাখিছে।

Also Read: শিলনী বনভোজস্থলীত নৈত উটি গ'ল যুৱকঃ এতিয়াও সন্ধানহীন...

ওদালগুৰি