লা-লীগাত বিধ্বস্ত হোৱাৰ দিশে ৰিয়েল মাদ্ৰিদৰ সপোন

লা-লীগাত বিধ্বস্ত হোৱাৰ দিশে ৰিয়েল মাদ্ৰিদৰ সপোন

ডিজিটেল ডেস্ক : লা-লীগাৰ খিতাপ ধৰি ৰখাৰ যুঁজ প্ৰায় সমাপ্ত ৰিয়েল মাদ্ৰিদৰ । যোৱা নিশা বাৰ্চিলোনাৰ প্ৰতিৱেশী জিৰ'নাই ৪-২ ব্যৱধানত পৰাস্ত কৰে দলটিক । এই পৰাজয়ে খিতাপ যুঁজৰ পৰা ৰিয়েলক বহু দূৰলৈ ঠেলি দিছিল ।

আনহাতে, খিতাপ পুনৰুদ্ধাৰ পথ প্ৰশস্ত হ'ল বাৰ্চিলোনাৰ । চলিত ছিজনত ছুপাৰ লীগলৈ উন্নীত হোৱা জিৰ'নাৰ বাবে এই জয় আছিল অপ্ৰত্যাশিত । সোঁতৰ বিপৰিতে গৈ জিৰ'নাৰ আৰ্জেন্টাইন ষ্ট্ৰাইকাৰ ভেলেন্টিন কালেষ্টান'ছে অকলেই হেট্ৰিকসহ চাৰিটা গ'ল কৰে ।

প্ৰথমাৰ্ধৰ ১২ আৰু ২৪ মিনিটত জিৰ'নাই ২-০ৰ অগ্ৰগতি লোৱাৰ পিছত ৩৪ মিনিটত ভিনিছিয়াছ জুনিয়ৰে ব্যৱধান হ্ৰাস কৰে । বিৰতিৰ পাছত ৪৬ আৰু ৬২ মিনিটত এই ব্যৱধান হয়গৈ ৪-১ । ৮৫ মিনিটত ৰিয়েল মাদ্ৰিদে এই ব্যৱধান ৪-২লৈ হ্ৰাস কৰিবলৈ সক্ষম হয় যদিও মেচ যিকিবলৈ সেয়াই পৰ্যাপ্ত ন‍াছিল ।

আনহাতে, ৩১ ৰাউণ্ডৰ অন্তত ৰিয়েলৰ পইন্ট ৬৫ । আৰু ৩০ মেচত বাৰ্চিলোনাৰ পইন্ট ৭৬ । এই জয়ৰে নৱম স্থানলৈ উন্নীত হ'ল জিৰ'না । একৈশ শতিকাত লা-লীগাৰ মেচত প্ৰথম খেলুৱৈ হিচাপে ৰিয়েল মাদ্ৰিদৰ বিৰুদ্ধে ৪ গ'ল কৰা প্ৰথম খেলুৱৈৰূপে পৰিচিত হ'ল ভেলেন্টিন কাষ্টেলান'ছে ।

লা-লীগাত বিধ্বস্ত হোৱাৰ দিশে ৰিয়েল মাদ্ৰিদৰ সপোন
মৰিয়নিত সাঁচি ভৰ্তি বলেৰ পিকআপ ভেন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in