
ডিজিটেল সংবাদ, মৰিয়নি : চুবুৰীয়া নাগালেণ্ডৰপৰা অবৈধভাবে সৰবৰাহ কৰা সাঁচীভৰ্ত্তী বাহন জব্দ। মৰিয়নিৰ নিউ সোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সন্মুখেদি সৰবৰাহ হৈ আহিছে অবৈধ সাঁচি ভৰ্তি বাহন।
বন বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি গোলাঘাট আৰু মৰিয়নিৰ দেবেৰাপাৰৰ একাংশ ব্যৱসায়ীয়ে বনাঞ্চলৰপৰা সাঁচি সৰবৰাহ কৰি কোটি কোটি টকাৰ মুনাফা লুটি আহিছে।
আজি নিউ সোনোৱালত ৰাইজে অবৈধ সাঁচি ভৰ্তি বাহন খন জব্দ কৰি বনবিভাগক চমজায় দিয়ে। জানিব পৰা মতে, গোলাঘাটৰ জনৈক মুকুট আলি আৰু মৰিয়নিৰ নকচাৰীৰ জনৈক নাৱাজ,নাপটুল,দাদু নামৰ লোককেইজনে বনবিভাগৰ একাংশ ঘোচখোৰ বিষয়াৰ চত্ৰছায়াত দীৰ্ঘদিন ধৰি বনাঞ্চলৰপৰা কোটি কোটি টকাৰ সাঁচি অবৈধভাবে সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।