ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপঃ উখল-মাখল কোকৰাঝাৰ

আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্ট।

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপঃ উখল-মাখল কোকৰাঝাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্ট। কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ষ্টেডিয়াম(ছাই) প্ৰাংগনত অহা ৫ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ঐতিহ্যমণ্ডিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয়খন মেচৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ছাই ষ্টেডিয়াম প্ৰাংগণত বিভিন্ন সাংস্কৃতিক গোষ্ঠীসমূহেও ইতিমধ্যেই চূড়ান্ত অনুশীলন সম্পন্ন কৰিছে।

Advertisment

উক্ত স্থানতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল তথা সেনাবাহিনীৰ জোৱানসকলে পেৰেডৰ অনুশীলন কৰে। তাৰোপৰি কোকৰাঝাৰৰ আকাশত ৰাষ্ট্ৰীয় পতাকা লৈ কেইবাখনো হেলিকপ্টাৰে অনুশীলন কৰা পৰিলক্ষিত হয়। ষ্টেডিয়ামটিক চালে চকুৰোৱা কৰি তুলিবলৈ আয়োজকে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰি বৃহস্পতিবাৰে ৰং-তুলিকাৰ অন্তিম পৰশ লগাই সজাই তোলা হয়। ইয়াৰ মাজতে ডুৰাণ্ড কাপ ফুটবল মেচক লৈ কোকৰাঝাৰ ছাই ষ্টেডিয়ামত নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত গেলাৰী বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে বিটিচৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

উল্লেখযোগ্য যে অহা ৫ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ঐতিহ্যমণ্ডিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ তৃতীয়খন মেচৰ উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সেনা প্ৰধান, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীসহ সেনাৰ বহু শীৰ্ষ বিষয়া উপস্থিত থাকিব । কোকৰাঝাৰত এই প্ৰতিযোগিতাৰ সৰ্বমুঠ ৯খন খেল অনুষ্ঠিত হ'ব আৰু উক্ত ষ্টেডিয়ামতে অহা ২৪ আগষ্টত ডুৰাণ্ড কাপৰ এখন কোৱাৰ্টাৰ ফাইনেল খেলৰ অনুষ্ঠিত হ'ব। আনহাতে প্ৰকাশিত সূচী অনুসৰি ৫ আগষ্টত অনুষ্ঠিত হ'ব লগীয়া মেচখন বডোলেণ্ড এফ চি আৰু ৰাজস্থান এফ চিৰ মাজত অনুষ্ঠিত হ'ব ৷

ইপিনে নৱনিৰ্মিত গেলাৰীৰ শুভ উদ্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে- দশক দশক ধৰি অনিশ্চয়তা, ঘাত-প্ৰতিঘাতত জৰ্জৰিত অঞ্চলটোত এনে এটা পৰিৱেশৰ কথা কোনেও ভাৱিবই পৰা নাছিল । কিন্তু ২০২০ চনত সম্পন্ন হোৱা বিটিআৰ চুক্তিৰ পিছতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিল আৰু এতিয়া এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি খেল ডুৰাণ্ড কাপ বড়োলেণ্ডত অনুষ্ঠিত কৰা কাৰ্যই প্ৰমাণ কৰিলে যে বড়োলেণ্ডত এতিয়া সঁচাকৈয়ে শান্তি প্ৰতিষ্ঠা হ'ল ।

মাত্ৰ ক্ৰীড়াই নহয়, বড়োলেণ্ড এতিয়া সকলো দিশৰ পৰাই আগবাঢ়ি গৈ আছে আৰু ডুৰাণ্ড কাপে অঞ্চলৰ যুৱচামক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ উৎসাহিত কৰিব বুলিও মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে। লগতে ৫ আগষ্টৰ উদ্বোধনী মেচখন বিনামূলীয়া হ'ব আৰু নৱনিৰ্মিত গেলেৰীত ১০ হাজাৰ লোকে বহি খেল উপভোগ কৰিব পাৰিব বুলি জানিবলৈ দি উক্ত দিনা এয়াৰ শ্বত চুখয় বিমান, হেলিকপ্টাৰে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে। প্ৰণিধানযোগ্য যে, নৱনিৰ্মিত গেলাৰীৰ শুভ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰসতে বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰেওৰেওা নাৰ্জীহাৰী, গৌতম দাস আৰু ৰেড হৰ্ণ ডিভিচনৰ মেজৰ জেনেৰেল এছ. মুৰুগাছেনকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

Also Read: সোণোৱালৰ উপস্থিতিত দক্ষিণ ভাৰতৰ এন ডি এৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Durand Cup Football Tournament