/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/72870cb3-aefd-4c68-93d2-fb52ee6f6624/Modi.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ এনডিএ-ৰ সাংসদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৈঠকত বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ লগতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে।
উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দক্ষিণ ভাৰতৰ এনডিএ-ৰ সাংসদসকলৰ সৈতে হোৱা এই বৈঠকক নিৰ্বাচনী কেন্দ্ৰীক বুলি জানিব পৰা গৈছে।
বৈঠকৰ পাছতে দক্ষিণ ভাৰতৰ সুস্বাদু আহাৰেৰে প্ৰধানমন্ত্ৰী তথা উপস্থিতসকলক আপ্যায়ন কৰা হয়। এই আপ্যায়নৰ বাবে সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
Also Read: পৰিৱৰ্তনৰ নমুনাঃ নিৰ্মাণৰ পিছতে বখলা-বখলে এৰিছে কোটিটকীয়া পথ