পুনৰ বেটিং পৰাক্ৰম বিৰাট কোহলীৰ, টেষ্টত ২৮ তম শতকৰ হ'ল অধিকাৰী

পুনৰ বেটিং পৰাক্ৰম বিৰাট কোহলীৰ, টেষ্টত ২৮ তম শতকৰ হ'ল অধিকাৰী

ডিজিটেল ডেস্ক : আহমেদাবাদত মৰণপণ যুঁজত অষ্ট্ৰেলিয়া আৰু ভাৰত । অৱশ্যে এই যুঁজ কোনো বন্দুক-বাৰুদেৰে নহয়, বৰং ক্ৰিকেটত হে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰ'ফীৰ অন্তিমখন টেষ্টত প্ৰাণহীন পিটছৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে দুয়ো দলে । অৱশ্যে সম্পূৰ্ণ শৃংখলাটোত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত । অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ বিশাল ৪৮০ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে চতুৰ্থ দিনা বাতৰি লিখা পৰলৈ সংগ্ৰহ কৰে ৪১৯ ৰান । ভাৰতে এই শক্তিশালী স্ক'ৰ থিয় কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে শুবমন গীল আৰু বিৰাট কোহলীৰ বিষ্ফোৰক শতকে । যেন প্ৰাণহীন উইকেটত ছন্দ লাভ কৰিলে দুয়োগৰাকী বেটছমেনে ।

মুঠ ১২৮ ৰান সংগ্ৰহ কৰা শুবমন গীলক প্ৰয়োজন হয় ২৩৫ টা বলৰ আনহাতে, বৰ্তমানো ক্ৰীজত থকা বিৰাট কোহলীয়ে ২৫৭ টা বলত সংগ্ৰহ কৰে ১১০ ৰানৰ । দুয়োগৰাকীৰ বেটিঙে পুনৰ খোপনি পোতাত সহায় কৰে ভাৰতক ।

উল্লেখ্য যে, বিৰাট কোহলীয়ে অন্তিমটো টেষ্ট শতক ইয়াৰ পূৰ্বে ২০১৯ চনৰ ২২ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল । তাৰ পাছৰে পৰাই নিজৰ ধাৰাবাহিকতা বজাই ৰখাত বিফল হোৱাৰ বাবে যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল খেলুৱৈ গৰাকী । অৱশ্যে এদিনীয়াত পুনৰ শতক অৰ্জন কৰি এই ব্যৰ্থতাৰ ধাৰাবাহিকতা ভংগ কৰিছিল বিৰাট কোহলীয়ে । মুঠতে খেলপথাৰত প্ৰত্যাৱৰ্তন ঘটিছে খেলুৱৈ গৰাকীৰ । এতিয়া মাথো এই সফলতা ধৰি ৰখাৰ লক্ষ্যৰে অৱতীৰ্ণ হওক খেলপথাৰত ।

পুনৰ বেটিং পৰাক্ৰম বিৰাট কোহলীৰ, টেষ্টত ২৮ তম শতকৰ হ'ল অধিকাৰী
কাজিৰঙাত দুই শতাধিক ভকতৰ উপস্থিতিত ষষ্ঠ বাৰ্ষিক ভাগৱত পাঠ কাৰ্য্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in