কাজিৰঙাত দুই শতাধিক ভকতৰ উপস্থিতিত ষষ্ঠ বাৰ্ষিক ভাগৱত পাঠ কাৰ্য্যসূচী

কাজিৰঙা দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত দিৰিং চাৰিআলি যুৱক বৃন্দ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ল ষষ্ঠ বাৰ্ষিক “ভাগৱত পাঠ” অনুষ্ঠান
কাজিৰঙাত দুই শতাধিক ভকতৰ উপস্থিতিত ষষ্ঠ বাৰ্ষিক ভাগৱত পাঠ কাৰ্য্যসূচী

ডিজিটেল সংবাদ, কাজিৰঙা: জাত-কুল, ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি পৃথিৱীৰ পৰিধি অতিক্ৰমী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱবাদৰ শক্তিৰে গঢ়া বৃহত্তৰ অসমীয়া জাতিৰ এনাজৰীডাল ক্ৰমশ থান-বান হ'ব ধৰিছে ৷ চাৰিওফালে মূৰ দাঙি উঠিছে অশান্তিৰ দাৱানল। হত্যা-লুণ্ঠন, দুৰ্নীতি-ব্যভিচাৰ, দুষ্কৃতি, ভ্ৰষ্টাচাৰ আদিৰে এতিয়া সমগ্ৰ অসম গা-কৰি উঠিছে ৷ ক্ৰমে যেন শেষ হৈ আহিব ধৰিছে মহাপুৰুষ জনাৰ “অসমীয়া জাতি”ৰ ভেটি ৷

ধ্বংসমুখী বিশ্বৰ মানৱ জাতিৰ অস্তিত্ব সংকটৰ সময়ত অসমত জন্ম গ্ৰহণ কৰা প্ৰতিজন অসমীয়াই বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে ৷ আৰু তেনে এক উদ্দেশ্য আগত ৰাখি কাজিৰঙা দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত দিৰিং চাৰিআলি যুৱক বৃন্দ আৰু বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ল ষষ্ঠ বাৰ্ষিক “ভাগৱত পাঠ” অনুষ্ঠান ৷ অসমীয়া নৱবৰ্ষক আদৰণি জনোৱাৰ লগতে বিশ্ববিখ্যাত অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত উদযাপন কৰা হয় এই ভাগৱত পাঠ অনুষ্ঠানৰ ৷

বিগত পাচঁটা বৰ্ষত ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ পাছত এই বৰ্ষতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ কাজিৰঙাবাসী ৰাইজ একত্ৰিত হৈ মানৱ জাতিৰ কল্যানাৰ্থে ধৰ্ম কৰ্ম পন্থা সকলোৰে উৰ্ধত থাকি গুৰুজনাৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াসেৰে উদযাপন কৰা ভাগৱত পাঠ কাৰ্য্যসূচীত অংশ লয় দুই শতাধিক লোকে ৷ উল্লেখ্য যে আগন্তুক বৰ্ষত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হ'ব সপ্তম বাৰ্ষিক ভাগৱত পাঠ ও ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in