পুনৰ চৰ্চাত বিৰাট-গম্ভীৰৰ যুঁজ !

দিল্লীৰ দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ এনে কাণ্ডই একাংশ সংবাদ সংস্থা তথা সামাজিক মাধ্যমত বেচ চৰ্চা লাভ কৰিছে
পুনৰ চৰ্চাত বিৰাট-গম্ভীৰৰ যুঁজ !

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা একনা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত এখন মেচ। চলিত আই পি এলৰ ৪৩ সংখ্যক মেচখনত ১৮ ৰানৰ ব্যৱধানত জয়লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছে।

মেচৰ আৰম্ভণিৰ পৰা প্ৰায় শেষলৈকে সকলো ঠিকেই আছিল। মেচৰ অন্তত সময় আহিল পৰস্পৰে পৰস্পৰক কৰমৰ্দন কৰা পৰ্ব। তাতেই লাগিল অথন্তৰ। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ মেণ্টৰ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে ৰয়েল চেলেঞ্জাৰ্ছৰ খেলুৱৈসকলক একাদিক্ৰমে কৰমৰ্দন কৰি গৈ আছিল।

কৰমৰ্দন পৰ্ব ঠিকেই চলি গৈ আছে এনেতে, পাল পৰিল ফাফ ডুপ্লেছিৰ পাছতে থকা বিৰাট কোহলিৰ সৈতে কৰমৰ্দন কৰাৰ সময়। তাতেই লাগিল কেণা, খেলপথাৰত উপস্থিত থকা খেলুৱৈ তথা টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰা দৰ্শকক হতবাক কৰি গম্ভীৰে কোহলিক কৰমৰ্দন নকৰি পুনৰ আন খেলুৱৈৰ লগত কৰমৰ্দন প্ৰক্ৰিয়া আগবঢ়ায় নিয়ে।

গম্ভীৰৰ এনে কাণ্ডত কোহলিয়ে সহ্য কৰিব নোৱাৰি গম্ভীৰৰ ফালে আগুৱাই আহে।ইয়াৰ পাছত কোহলিয়ে উক্ত কাণ্ডৰ বাবে গম্ভীৰৰ সতে একপ্ৰকাৰ বাক-বিতণ্ডাত লিপ্ত হ'ব বিচাৰিছিল যদিও দুয়ো দলৰ খেলুৱৈসকলে বিৰাট-গম্ভীৰক আঁতৰাই নিয়ে। আনহাতে উক্ত ঘটনাৰ পূৰ্বে মেচ চলি থকা সময়ত মেক্সৱেলৰ বলত লক্ষ্ণৌৰ ক্ৰুণাল পাণ্ডিয়াৰ কেচ ধৰি কোহলিয়ে বিশেষ ভংগীমাৰে আনন্দ প্ৰকাশ কৰিছিল।

উল্লেখ্য যে ২০১৩ বৰ্ষৰ আই পি এলৰ মঞ্চত পূৰ্বেও কোহলি-গম্ভীৰৰ তৰ্ক যুদ্ধ হৈছিল। দিল্লীৰ দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ এনে কাণ্ডই একাংশ সংবাদ সংস্থা তথা সামাজিক মাধ্যমত বেচ চৰ্চা লাভ কৰিছে।

পুনৰ চৰ্চাত বিৰাট-গম্ভীৰৰ যুঁজ !
নিতৌ নতুন নিয়মেৰে ভেকো ভাওনা টুইটাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in